Breaking

আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি …

0 252

আজি মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ ৪২৬ সংখ্যক তিৰোভাৱ তিথি। ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰৰ লগতে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰতো গুৰুজনাৰ তিৰোভাৱ তিথি উদযাপন। পুৱাৰে পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ ভিৰ। গুৰু শিষ্যৰ সম্বন্ধক এক নতুন মাত্রা প্রদান কৰি অনাদি কাললৈ খ্যাতি ৰাখি যোৱা মহাপুৰুষ জনাক আজি শ্রদ্ধাৰে সোঁৱৰিছে ৰাজ্যবাসীয়ে।


অসমীয়া সাহিত্যলৈ তথা সমাজ জীৱনলৈ বহুতো অৱদান আগবঢ়াই যোৱা মহাপুৰুষ জনাৰ জীৱন কালৰ বিষয়ে কিছু
কথা জানো আহক-


জন্ম–১৪৯৮ খৃঃ জেঠ মাহৰ কৃষ্ণা প্রতিপদ তিথিত লখিমপুৰ লেতেকুপুখুৰীৰ হৰিসিং বৰাৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। পিতৃ-মাতৃঃ– মাধৱদেৱৰ পিতৃৰ নাম গোবিন্দগিৰি। মাতৃৰ নাম মনোৰমা আই। কথাগুৰু চৰিতৰ মতে মাধৱদেৱে ১৯১ টা বৰগীত
ৰচনা কৰিছিল। মাধৱদেৱে প্রথম আসোঁৱাৰী ৰাগৰ ‘ৰে মন সেবহু হৰিকহু চৰণ’ নামৰ বৰগীত ৰচনা কৰিছিল। তেখেতৰ ৰচনাৰ ভিতৰত শ্রেষ্ঠ শাস্ত্র নামঘোষা ইয়াত ১ হাজাৰ এটা ঘোষা আছে।সেয়ে ইয়াক ‘হেজাৰী ঘোষা’ও বোলা হয়।

Leave A Reply