বিলাসীপাৰা জিলা আমছুৰ উদ্যোগত আৰু টিলাপাৰা আঞ্চলিক আমছুৰ সহযোগত টিলাপাৰাত অনুষ্ঠিত হয় এই বিশাল সজাগতামূলক অনুষ্ঠান। অনুষ্ঠানত অংশ গ্ৰহণ কৰে আমছুৰ কেন্দ্ৰীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ, সাধাৰণ সম্পাদক মিন্নাতুল ইছলাম আৰু ইমতিয়াজ হুছেইন।
আধুনিক বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগতো বাল্য বিবাহ, অন্ধ বিশ্বাস, কু-সংস্কাৰত জৰজৰিত বহু গাঁৱ। বাল্য বিবাহ, অন্ধ বিশ্বাস, কু-সংস্কাৰ আৰু শিক্ষাৰ প্ৰয়োজনীয়তাক লৈ ধুবুৰী জিলাৰ চাপৰৰ টিলাপাৰাত আমছুৰ বিশাল সজাগতামূল অনুষ্ঠান। বাল্য বিবাহ বন্ধ সন্দৰ্ভত আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ গাম্ভীৰ্য্যপূৰ্ণ মন্তব্য- আজিও একাংশ কাজী আৰু একাংশ পিতৃয়ে ১২ বছৰীয়া কন্যাক ১৮ বছৰীয়া দেখুৱাই সমাজত অব্যাহত ৰাখিছে সামাজিক ব্যাধি বাল্য বিবাহ। সমাজৰ পৰা বাল্য বিবাহ সম্পূৰ্ণ ৰূপে বন্ধৰ আহ্বান জনাই আমছুৰ সভাপতি গৰাকীয়ে কয় যে, ইছলামৰ বাণী মানা যিদৰে জৰুৰী, একেইদৰে দেশৰ বা ৰাষ্ট্ৰৰ সংবিধান আৰু আইন মানাও জৰুৰী। সমান্তৰাল ভাৱে মদ, জুৱা, ড্ৰাগছ, অন্ধ বিশ্বাস, কু-সংস্কাৰ আৰু শিক্ষাৰ প্ৰয়োজনীয়তাক লৈয়ো বিশেষ তাৎপৰ্য্যপূৰ্ণ মন্তব্য আগবঢ়ায় আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে।
ধৰ্মীয় সংখ্যালঘু মুছলমানক বিভাজন সন্দৰ্ভত ৰেজাউল কৰিম চৰকাৰে কয় যে, অসমৰ মুখ্য মন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰিছে, বিশেষ সম্প্ৰদায়ৰ লোকক অমানৱীয় উচ্ছেদ, জেহাদীৰ নামত মাদ্ৰাছা ভাঙিছে আৰু হিন্দুত্ববাদীৰ ট্ৰামকাৰ্ড খেলী দিল্লীৰ মচনদত প্ৰিয় পাত্ৰ হোৱাৰ চেষ্টা কৰিছে। সভাপতি গৰাকীয়ে আৰু কয় যে, ইতিমধ্যে হিমন্ত বিশ্বই বহু স্থানত মুছলমানৰ মাজত বিভাজন কৰিছে। এই নিকৃষ্ট ৰাজনীতিত হিমন্ত বিশ্বই কেতিয়াও সফল হ’ব নোৱাৰে বুলি প্ৰত্যাহব্বান জনাই ৰেজাউল কৰিম চৰকাৰে কয় যে, হিমন্ত বিশ্ব শৰ্মা ২৫ বাৰ অসমৰ মুখ্য মন্ত্ৰী হলেও আমছুৰ মাজত বিভাজন আনিৱ নোৱাৰে।

