Breaking

বিশ্বনাথ চাৰিআলি ধৰণী ৰিজাল ভৱনত নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ প্রতিনিধি সভা সম্পন্ন

0 548

বিশ্বনাথ চাৰিআলি ধৰণী ৰিজাল ভৱনত নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতিৰ প্রতিনিধি সভাখন অনুষ্ঠিত হৈ যায় । প্ৰতিনিধি সভাৰ আৰম্ভনিতে সংঘৰ পতাকা উত্তোলন কৰে জিলাৰ উপসভানেত্ৰী মিনতি হাজৰিকা আৰু শ্বহীদ অৰ্পন কৰে জিলা সভানেত্ৰী চেনিমাই শইকীয়াই৷ তাৰ লগে লগে প্ৰতিনিধি সভাখন সৰোজ নাথ আৰু মিৰা মুদৈ বৰাই পৰিচালনা কৰে । উদ্বোধনী ভাষণ প্ৰদান কৰে মিনতি হাজৰিকাই ৷ তাৰ পিছতে প্ৰতিবেদন পাঠ কৰা হয় । প্ৰতিবেদন ওপৰত ৬ গৰাকীয়ে প্ৰতিনিধিয়ে আলোচনা আগবঢ়াই । আৰু সভাৰ মাজতে জলন্ত সমস্যাৰাজি সমাধানৰ সন্দৰ্ভত প্ৰস্তাৱ দাঙি ধৰে । মুল্যবৃদ্ধি ৰোধ কৰা, নাৰী নিৰ্যাতন বন্ধ কৰা, শিশু শ্ৰমিক বন্ধ কৰা, ভ্ৰুণ হত্যা বন্ধ কৰা আদি ।

লগতে সংগঠনটোক শক্তিশালী কৰাৰ মানসৰে এক আঞ্চলিক সমিতি গঠন কৰা হয় । সভানেত্ৰী হিচাপে প্ৰীতি বৰা, সম্পাদিকা হিচাপে নমিতা গোৱালাক দায়িত্ব অৰ্পণ কৰি আঞ্চলিক সমিতি গঠণ কৰা হয়৷

Leave A Reply