Breaking

নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা।

0 111

নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত তিনিজনক GMCH লৈ প্ৰেৰণ। নিশা মুকালমুৱাৰ বৰতলাত ভয়ংকৰ পথ দুৰ্ঘটনা। আহত তিনিজনক GMCH লৈ প্ৰেৰণ। দুৰ্ঘটনাটোৰ এজন চাইকেল আৰোহী আৰু দুজন বাইক আৰোহী আহত হয়। হাজো-দৌলাশাল পথৰ বৰতলাত সংঘটিত হয় পথ দুৰ্ঘটনাটো।


নিয়ন্ত্ৰণ হেৰুৱাই এখন বাইক আৰু এখন চাইকেলৰ মাজত সংঘটিত হয় পথ দুৰ্ঘটনাটো। দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় চাইকেল আৰোহী ধৰনীধৰ ডেকা আৰু বাইক আৰোহী ছাহাদাত আলী, লালচান আলী। আহত তিনিজনকে মুকালমুৱা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱাই যদিও আঘাত গুৰুতৰ হোৱাত GMCH লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাত পতিত দুচকীয়া বাহন খনৰ নম্বৰ AS 01 AF 2711 বুলি জানিব পৰা গৈছে।

মুকালমুৱাৰ পৰা শংকৰ দাস

Leave A Reply