ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমাৰ ভাৰতীয় ভলীবল দলৰ সহকাৰী প্ৰশিক্ষক অভিজিত ভট্টাচাৰ্যই ক্ৰীড়া জিলা ওদালগুৰিৰ ভেৰগাঁও মহকুমা অন্তৰ্গত ভেৰগাঁও ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰা অঞ্চলটোৰ খেলুৱৈসকলক ভলীবলৰ প্ৰশিক্ষণৰে ন ন খেলুৱৈ সৃষ্টি কৰি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ উপহাৰ দি জিলাখনক ক্ৰীড়া দিশত আগবঢ়াই নিয়াৰ লগতে ভেৰগাঁও অঞ্চলত সুনাম কঢ়িয়াই আহিছে।সেয়েহে ভেৰগাঁও অঞ্চলৰ ভলীবল খেলুৱৈ সকলক আৰু অধিক অনুপ্ৰাণিত কৰাৰ উদ্দেশ্য আজি ভেৰগাঁও ভলীবল প্ৰশিক্ষণ কেন্দ্ৰৰ দ্বাৰা এক অন্তৰঙ্গ অনুষ্ঠন আয়োজন কৰে।

অনুষ্ঠানত অসম ভলীবল সন্থাৰ খেলুৱৈ নিৰ্বাচক আটুৱাৰ হুছেইন অসম ভলীবল মিছন এশ(১০০)ৰ সম্পাদক জয়ন্ত শৰ্মা,অসম ফুটবল সন্থাৰ উপসভাপতি লক্ষী ৰাম বড়ো, ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ সভাপতি বিনোদ ৰাভা ভেৰগাঁও আঞ্চলিক আৰছু’ৰ সভাপতি জীৱন ৰাভা, ভেৰগাঁও এবছুৰ সম্পাদক কাজল বড়ো, ক্ৰমে ভেৰগাঁও আঞ্চলিক ক্ৰীড়া সন্থাৰ বিষয়ববীয়াৰ লগতে ভাৰতীয় ভলিবল দলৰ প্ৰাক্তন অধিনায়ক তথা বৰ্তমাৰ ভাৰতীয় ভলিবল দলৰ সহকাৰী প্ৰশিক্ষক অভিজিত ভট্টাচাৰ্যই মুখ্য অতিথী হিচাপে উপস্থিত থাকি খেলুৱৈ সকলৰ সৈতে মত বিনিময় কৰি বাৰ্তা লাভ কৰে।
টংলাৰ পৰা অৰূপ বড়োৰ প্ৰতিবেদন

