- সম্প্ৰতি দেশত আধুনিক চিকিৎসা ব্যৱস্থাৰ সমান্তৰালভাৱে পৰম্পৰাগত চিকিৎসা সেৱায়ো যথেষ্ট গতিশীলতা লাভ কৰিছে: সৰ্বানন্দসোণোৱাল
- মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনমৰ্মে আয়ুষ খণ্ডই বিশ্বৰ বুকুত সৰ্বগ্ৰহণযোগ্যতা আৰু সৰ্বজনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে: সোণোৱাল
- হোমিঅ‘পেথীক মানৱসেৱাৰ মাধ্যম হিচাপে লৈ স্বাস্থ্যসেৱাখণ্ডত সবল ভূমিকা পালন কৰি যাবলৈ ছাত্র–ছাত্ৰীসকলক আহ্বান জনায় সোণোৱালে

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হোমিঅ’পেথিক চিকিৎসা আৰু শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি অহা যোৰহাটৰ ডাঃ জীৱকান্ত শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ ৪৭তম প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় আয়ুষ তথা বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। প্ৰতিষ্ঠানখনৰ চৌহদত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে অসম চৰকাৰৰ প্ৰাক্তন স্বাস্থ্যসেৱা সঞ্চালক তথা প্ৰতিষ্ঠানখনৰ স্থাপনত অনবদ্য অৱদান আগবঢ়োৱা ডাঃ জীৱকান্ত শইকীয়াৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা মূল অনুষ্ঠানৰ আৰম্ভণিতে মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীসকলে এটি সুন্দৰ সমবেত সংগীত পৰিৱেশন কৰে। উল্লেখযোগ্য যে, ১৯৭৫ চনত স্থাপিত এই প্ৰতিষ্ঠাখনে শিক্ষাৰ্থীসকলক হোমিঅ’পেথী সংক্ৰান্তীয় বিভিন্ন পাঠ্যক্ৰমকে ধৰি বি এইচ এম এছ ডিগ্ৰী প্ৰদান কৰি আহিছে। প্ৰতিষ্ঠানখনত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিক্ষাৰ্থীসকলে অধ্যয়ন কৰি আছে।

সৰ্বানন্দ সোণোৱালে আজি ভাষণ প্ৰসংগত কয়, “পৰম্পৰাগত চিকিৎসা আৰু ঔষধি পদ্ধতিৰ বৈচিত্ৰ্যৰ বাবে ভাৰত বিশ্বৰ বুকুত বিশেষভাৱে জনাজাত। দেশৰ বুকুত নিহিত হৈ আছে পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ শক্তি আৰু বহু সুযোগ-সম্ভাৱনা। সেয়েহে এই সম্ভাৱনাক অনুধাৱন কৰিয়েই মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবল নেতৃত্বত গঠন হৈছিল আয়ুষ মন্ত্ৰালয়। মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনমৰ্মে আয়ুষ খণ্ডই সৰ্বগ্ৰহণযোগ্যতা আৰু সৰ্বজনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি আমাৰ দেশত আধুনিক চিকিৎসা ব্যৱস্থাৰ সমান্তৰালভাৱে পৰম্পৰাগত চিকিৎসা সেৱায়ো যথেষ্ট গতিশীলতা লাভ কৰিছে। ভাৰতৰ আয়ুষ বজাৰৰ পৰিসৰ আজি বিশ্বজুৰি ১৮.২ বিলিয়ন ডলাৰলৈ বৃদ্ধি পাইছে। সমগ্ৰ বিশ্বই এতিয়া আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিক আৰোগ্যৰ অবিচ্ছেদ্য মাধ্যম হিচাপে আঁকোৱালি লৈছে।” ভাষণ প্ৰসংগত সোণোৱালে আজি কেনিয়া, আমেৰিকা আদি দেশৰ কেইগৰাকীমান ৰোগীৰ কথা উল্লেখ কৰে, যিয়ে ভাৰতলৈ আহি আয়ুষ চিকিৎসা পদ্ধতিৰ জৰিয়তে সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিবলৈ সক্ষম হৈছে।
তদুপৰি সোণোৱালে কয়, “হোমিঅ’পেথী আয়ুষ খণ্ডৰ অন্যতম জনপ্ৰিয় আৰু প্ৰচলিত পৰম্পৰাগত চিকিৎসা ব্যৱস্থা। দিনকদিনে ইয়াৰ পৰিসৰ আৰু গ্ৰহণযোগ্যতা বৃদ্ধি পাইছে। অসম তথা উত্তৰ-পূৰ্বাঞ্চলতো হোমিঅ’পেথীৰ শিক্ষা আৰু চিকিৎসাৰ প্ৰসাৰৰ দিশত আগভাগ লৈ আহিছে ডাঃ জীৱকান্ত শইকীয়া হোমিঅ’পেথিক চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালে। ইয়াৰ বাবে প্ৰতিষ্ঠানৰ সৈতে জড়িত সকলো শলাগৰ পাত্ৰ। হোমিঅ’পেথীক মানৱ সেৱা আৰু ৰোগ নিৰাময়ৰ মাধ্যম হিচাপে লৈ জীৱনপথত আন্তৰিকতাৰে আগুৱাই যাবলৈ ছাত্র-ছাত্ৰীসকলক মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ।” প্ৰতিষ্ঠানখনৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰীয় আয়ুষ মন্ত্ৰালয়ে ইতিবাচক দৃষ্টিভংগীৰে কাম কৰিব বুলি সোণোৱালে উল্লেখ কৰে। লগতে প্ৰতিষ্ঠানখনৰ ভেষজ উদ্যানৰ উন্নীতকৰণৰ দিশতো আশাপ্ৰদ পদক্ষেপ গ্ৰহণ কৰাৰ ইতিবাচক দৃষ্টিভংগী আগবঢ়ায় সোণোৱালে। আনহাতে, শাৰীৰিক-মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে দৈনন্দিন যোগাভ্যাগ কৰিবলৈ ছাত্র-ছাত্ৰীসকলক সোণোৱালে বিশেষকৈ আহ্বান জনায়। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰতিষ্ঠানখনৰ শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰি আয়ুষ খণ্ডৰ সুযোগ-সম্ভাৱনা আৰু পেছাদাৰী সংস্থাপনৰ সম্ভাৱনাৰ সন্দৰ্ভত আলোকপাত কৰে।
আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে যোৰহাট লোকসভাৰ সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ তথা যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী, কেন্দ্ৰীয় হোমিঅ’পেথী গৱেষণা পৰিষদৰ সঞ্চালক প্ৰধান সুভাষ কৌশিক, হোমিঅ’পেথিক মহাবিদ্যালয়খনৰ অধ্যক্ষ নাৰায়ণ দেৱনাথ, অসম ৰাজ্যিক হাউছিং ব’ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত প্ৰমুখ্যে আয়ুষ আৰু জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়া তথা গণ্য-মান্য ব্যক্তিসকল।

