১১ অক্টোবৰ সহমতৰ ভিত্তিত অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ দীৰ্ঘ দিনীয়া সীমা সমস্যাৰ স্থায়ী সমাধান সূত্ৰ নিৰূপণৰ শেহতীয়া প্ৰচেষ্টাৰ অংশ হিচাপে কালি নিশা বিশ্বনাথ চাৰিআলিত দুয়োখন ৰাজ্যৰ এখন গুৰুত্বপূৰ্ণ মন্ত্ৰীস্তৰীয় বৈঠক অনুষ্ঠিত হয়। প্ৰতিবেশী ৰাজ্যখনৰ পাপুমপাৰে জিলাৰ সৈতে বিশ্বনাথ আৰু লখিমপুৰ জিলা সংলগ্ন আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান এলেকাসমূহক লৈ অনুষ্ঠিত এই বৈঠকত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু অৰুণাচল প্ৰদেশৰ শিক্ষা মন্ত্ৰী তেবা টেডিৰৰ নেতৃত্বত গঠিত উভয় ৰাজ্যৰ সীমান্তৰ সমাধান বিষয়ক আঞ্চলিক সমিতিৰ সদস্যসকলে অংশগ্রহণ কৰে ।বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বিয়লি ৬ বজাৰ পৰা অনুষ্ঠিত হোৱা এই বৈঠকখনত বিহালী বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত দত্ত, গহপুৰ বিধানসভা সমষ্টিৰ বিধায়ক উৎপল বৰা, অৰুণাচলৰ দুইমুখ সমষ্টিৰ বিধায়ক টানা হালি তাৰা, বিশ্বনাথ আৰু লখিমপুৰ জিলাৰ উপায়ুক্তদ্বয় মুনীন্দ্র নাথ নাটে আৰু সুমীত সতৱান, পাপুম পাৰে জিলাৰ উপায়ুক্ত শচীন ৰাণাৰ লগতে তিনিওখন জিলাৰ অতিৰিক্ত উপায়ুক্ত, মাণ্ডলিক বন বিষয়াসহ আঞ্চলিক সমিতিৰ সদস্যসকল আৰু আটাইকেইখন জিলাৰ কেইবাগৰাকীও ৰাজহ চক্ৰ বিষয়া, বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়া উপস্থিত থাকে।

উল্লেখ্য যে, অসম আৰু আৰুণাচলৰ মুখ্যমন্ত্ৰীদ্বয়ৰ দ্বাৰা স্বাক্ষৰিত নামচাই ঘোষণা পত্ৰৰ আধাৰত অসমৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত আৰু অৰুণাচলৰ শিক্ষা মন্ত্ৰী তেবা টেডিৰৰ নেতৃত্বত দুয়ো ৰাজ্যৰ আঞ্চলিক সমিতিৰ সদস্যসকলে যোৱা ২ ছেপ্টেম্বৰত বিশ্বনাথ-পাপুমপাৰে অংশ আৰু ৩ ছেপ্টেম্বৰত লখিমপুৰ-পাপুমপাৰে অংশৰ সীমান্তৰ বিবদমান অঞ্চলসমূহৰ যৌথ পৰিদৰ্শনৰ লগতে দ্বিপাক্ষিক আলোচনাত মিলিত হৈ বিশ্বনাথ-লখিমপুৰ আৰু পাপুমপাৰে অংশত আন্তঃৰাজ্যিক সীমান্তক লৈ সহমত সৃষ্টিৰ প্ৰয়াস চলাইছিল। সেই আলোচনা আৰু যৌথ সীমান্ত পৰিদৰ্শনৰ পৰৱৰ্তী পৰ্যায়ত সীমান্তক লৈ থকা পুৰণি বিবাদ নিষ্পতিৰ সমাধানসূত্ৰ উদ্ভাৱনৰ বিষয়ত আজিৰ বৈঠকত উভয় পক্ষৰ মাজত ১০ ঘন্টাৰো অধিক সময় ব্যাপক আলোচনা চলে। বৈঠকত প্রথমে বিশ্বনাথ-পাপুমপাৰে জিলা অংশৰ ১০টা বিবদমান অঞ্চল (অৰ্থাৎ দহ খন ৰাজহ গাওঁ)ক লৈ আলোচনা হোৱাৰ পাছত লখিমপুৰ-পাপুমপাৰে অংশৰ বিবদমান সীমান্তৰ ১৮ টা অঞ্চলক লৈ উভয় পক্ষই আলোচনা কৰে। জানিব পৰা মতে বিশ্বনাথ-পাপুমপাৰে জিলা অংশৰ ৰাডাচ’, মেটেকা, ল’ৱাৰ তাৰাচু, আপাৰ তাৰাচু, দুলুম ৰামঘাট, দৰিয়াবিল, বৰমাই, কচুবাৰী, টাউনবিল আৰু অনিয়া হাপ্পা নামৰ অঞ্চলসমুহৰ উপৰিও লখিমপুৰ-পাপুমপাৰে অংশৰ বিবদমান সীমান্তৰ বেলো বস্তি ১আৰু ২, লৰা বস্তি ১ আৰু ২, বৰচেটাম, ল’ৱাৰ আৰু আপাৰ জুমি, কাকৈ ডফলা, কিমিন, বোকা, দীৰ্ঘা, বগলী, ডেংকা, গুমটো ১ আৰু ২, গৰুবন্দ্ধা, টিপলিং তাৰাজুলি, দোৰপাং, বান্দৰদেৱা, সোণজুলি আদি অঞ্চলসমুহৰ ওপৰত আলোচনা কৰা হৈছিল।
১০ ঘন্টাৰো অধিক সময় অনুষ্ঠিত হোৱা এই বৈঠকৰ অন্তত পুৱা প্ৰায় ৪ বজাত দুয়ো ৰাজ্যৰ মন্ত্ৰীদ্বয় কেশৱ মহন্ত আৰু তেবা টেডিৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে লখিমপুৰ জিলাৰ ঢকুৱাখানা সমষ্টিৰ বগীবিলৰ পৰা আৰাম্ভ কৰি বিশ্বনাথলৈকে সীমান্তৱৰ্তী আটাইকেইটা সমষ্টিক সামৰি তথা মুঠ ২৮ ৰাজহ গাওঁ অৰুণাচলৰ সৈতে যি ভূমি কেন্দ্ৰীক বিবাদ আছিল সেই বিবাদ অন্ত পৰাৰ কাৰণে দুয়োখন ৰাজ্যৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকে আজি সন্মতিসাপেক্ষে এটা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। লগতে মন্ত্ৰী কেশৱ মহন্তই দুয়োখন ৰাজ্যৰ সীমান্তৱৰ্তী বাসিন্দা সকলৰ ভূমি কেন্দ্ৰীক বিষয়ক লৈ মনত যি ভয় শংকা আছিল যদিও সেইয়া অতি শীঘ্ৰে দুৰ হ’ব বুলিও আশা প্ৰকাশ কৰে।অৱশ্যে এই বৈঠকত লোৱা প্ৰতিটো প্ৰস্তাৱ দুয়োখন ৰাজ্যৰ মূখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰি পৰৱৰ্তী সিন্ধান্ত লোৱা হ’ব বুলি জানিবলৈ মন্ত্ৰী কেশৱ মহন্তই অৱগত কৰে।
বিশ্বনাথ পৰা শ্ৰীমন্ত দাসৰ প্ৰতিবেদন

