Breaking

জীৱ-জন্তুৰ বিপদ হ’লেই তৎমুহূৰ্তত উপস্থিত হয় নিৰ্দিষ্ট স্থানত জামুগুৰিহাটৰ প্ৰকৃতিপ্ৰেমী

0 113

জামুগুৰিহাট

হেল্ল দাদা, অলপ সোনকালে আহিব পাৰিব নেকি, আমাৰ ঘৰত সাপ এডাল ওলাইছে, আমাৰ ফালে হাতী ওলাইছে, আমাৰ ফালে গঁড় ওলাইছে নতুবা কোনো জীৱ-জন্তু বিপদ বা ৰোগত পৰিছে ইত্যাদি ইত্যাদিৰ কেৱল এটা ফোনকল৷ ১ মিনিট সময়ো অপচয় নকৰাকৈ খবৰ দিওতাজনৰ খবৰৰ সমাধা কৰিবলৈ নিৰ্দিষ্ট স্থানলৈ গতি কৰে লোকজন৷ সেয়া লাগিলে দিনতেই হওক বা ভৰ নিশাই হওক নতুবা পুহ মহীয়া দেহ কপোৱা ঠাণ্ডাই নহঁওক কিয়৷  জামুগুৰিহাটৰ বৰভগীয়া গাঁৱৰ এগৰাকী প্ৰকৃতিপ্ৰেমী যুৱক পল্লৱ জৈন (ৰাজু)ৰ কথা কোৱা হৈছে৷ এসময়ত জামুগুৰিহাটৰ কোনো লোক ৰোগত আক্ৰান্ত হ’লেই ৰোগীগৰাকীক লগত লৈ পৰিয়াল ধাপলি মেলা “জৈন ফাৰ্মাচী”ৰ স্বত্বাধিকাৰী সকলোৰে বাবে পৰিচিত তথা সকলো ৰোগ নিৰাময়ৰ দিশত পাৰ্গত প্ৰয়াত ফাৰ্মাচিষ্ট পিতৃ হুকুম চান্দ জৈনৰ পদাংক অনুকৰণ কৰিয়েই সেইখন ঔষধৰ বিপনীকেই (ফাৰ্মাচী) নীতি নিয়ম তথা দায়িত্বসহকাৰে পৰিচালনা কৰি পৰিয়াল পোহপাল দিয়া পল্লৱ জৈন (জামুগুৰিহাটত ৰাজু দা বুলি পৰিচিত) বৰ্তমান এগৰাকী ঔষধ বিক্ৰেতাই নহয় এগৰাকী প্ৰকৃতিপ্ৰেমী লোক বুলিয়েই সকলোৱে চিনি পায়৷ নিজৰ পৰিয়াল পোহপাল দিয়া উপাৰ্জনৰ একমাত্ৰ পথ ঔষধৰ বিপনীৰ কামতকৈ এইগৰাকী ব্যক্তিয়ে নিজৰ বেছিভাগ সময় দিয়ে প্ৰকৃতিৰ জীৱ-জন্তুৰ চৰাই-চিৰিকতিৰ বাবেই৷ প্ৰকৃতিৰ কোনো জীৱ-জন্তুক মানুহে যাতে আক্ৰমণ নকৰে নতুবা হত্যা নকৰে তাৰ বাবেই দিনে নিশাই দৌৰি ফুৰে ৰাজু জৈন৷ অঞ্চলটোৰ সকলোৰে বাবে চিনাকী নাম হৈ পৰা এইগৰাকী ব্যক্তিলৈ যদি কোনো লোকৰ ঘৰৰ পৰা সাপ ওলোৱাৰ খবৰ দিয়ে তেন্তে লগে লগে হাতত এডাল ষ্টিক আৰু এডাল চুঙা আকৃতিৰ পাইপ লৈ উদ্ধাৰৰ বাবে সেই স্থানত উপস্থিত হয় আৰু উদ্ধাৰ কৰে সেই সাপডাল৷ সি লাগিলে সাপেই নহঁওক কিয়৷ পৰৱৰ্তী সময়ত কোনো মুকলি ঠাইত গৈ নতুবা কাজিৰঙা ষষ্ঠ সংযোজন এলেকাত এৰি দিয়ে বন্দী কৰি লৈ অনা সাপডাল৷ উল্লেখ্য যে গ্ৰামাঞ্চলত সাপ ওলালেই একাংশই সাপডালক হত্যা কৰি পেলোৱা পৰম্পৰা আৰম্ভ হোৱাত পাঁচ বছৰ পূৰ্ৱেই ৰাজু জৈনে সাপ হত্যা বন্ধ কৰাৰ স্বাৰ্থত সাপ ধৰিবলৈ আৰম্ভ কৰিছিল আৰু সেই দিন ধৰি উদ্ধাৰ কৰা সেই সাপবোৰক লগে লগে কোনো নিৰ্জন নতুবা কাজিৰঙা ষষ্ঠ সংযোজনৰ মুকলি ঠাইত এৰি দি আহিছে৷ বৰ্তমানলৈকে ৰাজু জৈনে প্ৰায় চাৰিশৰো অধিক সাপ উদ্ধাৰ কৰি নিৰ্জন ঠাইত এৰি দিছে বুলি জানিব পৰা গৈছে৷ অন্যহাতে জামুগুৰিহাটৰ দক্ষিণ-পশ্চিম অঞ্চলত প্ৰায়েই দেখা দিয়া হাতী-মানুহৰ সংঘাটৰ সময়ত বন বিভাগৰ উপস্থিতিৰ পূৰ্বে ৰাইজে সেই স্থানত বিচাৰে কেৱল এইগৰাকী প্ৰকৃতিপ্ৰেমী ৰাজু জৈনক৷ কাৰণ নিশা হাতী বনাঞ্চললৈ খেদি পঠোৱাত পুৱতি নিশালৈকে ৰাইজৰ লগত থাকি কাম কৰি ভাল পায় এইগৰাকী প্ৰকৃতিপ্ৰেমীয়ে৷ তদুপৰি ৰাজু জৈনে আঘাতপ্ৰাপ্ত পশু-পক্ষী, চৰাই চিৰিকতি আদি ধৰি আনি নিজা খৰচত চিকিৎসা কৰি সুস্থ কৰাই এৰি দিয়ে নিৰ্দিষ্ট স্থানত৷ নিজৰ একমাত্ৰ উপাৰ্জনৰ পথ ঔষধৰ বিপনীখনো কোনোবাদিনা বন্ধ ৰাখি নতুবা খবৰ পোৱাৰ লগে লগেই খুলি ৰখা ঔষধৰ বিপনীখনো বন্ধ কৰি প্ৰকৃতিৰ জীৱ-জন্তুৰ মৰমৰ বাবেই উদ্ধাৰ নতুবা নিৰাপদ স্থানলৈ পঠিয়াই দিয়াৰ বাবে নিৰ্দিষ্ট স্থানলৈ ধাপলি মেলে ৰাজু জৈনে৷ নিঃস্বাৰ্থভাৱে প্ৰকৃতিৰ বাবে জীৱনৰ বহুখিনি সময় দিয়া ৰাজু জৈন সেয়ে জামুগুৰিহাটৰ সকলোৰে বাবেই প্ৰিয় ব্যক্তি৷ নিজৰ জীৱনকো কোনোবা দিনা তুচ্ছজ্ঞান কৰি বনৰীয়া হাতী, গঁড় আদিৰ মুখামুখি হৈ ৰাইজক বিপদৰ মুহূৰ্তত সহায় কৰা তথা প্ৰকৃতিৰ জীৱ-জন্তু, পশু-পক্ষীক আপোন পৰিয়াল বুলি পৰিচয় দি অহা পল্লৱ জৈনৰ এই যাত্ৰা অব্যাহত থাকক৷ অন্যহাতে প্ৰকৃতিৰ সুৰক্ষাৰ দায়িত্বত থকা বিভাগেও নিঃস্বাৰ্থভাৱে এনেবোৰ কৰ্মত আত্মনিয়োগ কৰা ব্যক্তিক উৎসাহ যোগাবৰ বাবে তথা আগন্তুক দিনত অধিক উৎসাহেৰে কাম কৰি যোৱাত সহায়ক হোৱাকৈ এক ইতিবাচক কৰ্ম আঁচনি প্ৰস্তুত কৰি এনেবোৰ লোকক উদগনি যোগোৱাত আগভাগ ল’ব লাগে বুলিও সচেতন মহলে মন্তব্য কৰিছে৷

Leave A Reply