কাকপথাৰৰ যুৱকক অৰুণাচলী লোকে গুলীয়াই হত্যা কৰাৰ সন্দেহ সৰ্তীথৰ। 

তিনিচুকীয়া জিলাৰ কাকপথাৰৰ এজন যুৱক চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত নিৰুদ্দেশ হৈ থকা ঘটানাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। যুৱকজনক অৰুণাচলী লোকে গুলীয়াই হত্যা কৰাৰ সন্দেহ সৰ্তীথৰ। জানিব পৰা মতে, কাকপথাৰ বৰালি উভতা গাঁৱত লেহুক মৰাণ(টকলা) নামৰ যুৱকজনক ইটানগৰৰ হেজালিত হত্যা কৰাৰ সন্দেহ। কাকপথাৰ টকৌ পথাৰৰ মনোজ ফুকনৰ নেতৃত্বত অৰুণাচলত কামত ব্যৱহাৰ হৈ থকা হাতী উভতাই আনিবলৈ মাউত হিচাবে সতীৰ্থ সম্বন্ধীয় ইন্দ্ৰেশ্বৰ মৰাণ (কটীয়া)ৰ সৈতে যোৱা লেহুক মৰাণ ১৭ অক্টোবৰ পৰা নিৰুদ্দেশ হৈ আছিল।

ইন্দ্ৰেশ্বৰ মৰাণে সন্দেহ কৰা মতে অৰুণাচলী লোকে লেহুক মৰাণক গুলিয়াই হত্যা কৰিছে। মুঠ চাৰিটাকৈ হাতী উভতাই আনিবলৈ গৈ অৰুণাচলী লোকৰ কৱলৰ পৰা লেহুকৰ সৈতে তেওঁ পলাই আহোতেই লেহুক মৰাণ নিৰুদ্দেশ হয়। পলোৱাৰ সময় বন্দুকৰ গুলীৰ শব্দ শুনাৰ কথা জানিবলৈ দিয়ে কটীয়া ওৰফে ইন্দ্ৰেশ্বৰ মৰাণে। ঘটনা সন্দৰ্ভত কাকপথাৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে দুখনকৈ এজাহাৰ দাখিল কৰিছে। নিৰুদ্দিষ্ট লেহুক মৰাণৰ সন্ধান উলিয়াই দিবলৈ পৰিয়ালৰ লোকে কাতৰ আহ্বান জনাইছে।

Related Articles