জটিল হৃদৰোগত আক্রান্ত অখিল গগৈ! উন্নত চিকিৎসাৰ পৰামৰ্শ চিকিৎসকৰ

জটিল হৃদৰোগত আক্রান্ত বিধায়ক অখিল গগৈ। গুৱাহাটীৰ চিকিৎসালয়ত অস্ত্ৰোপচাৰ সম্ভৱপৰ নহব অখিল গগৈৰ। সেয়েহে চিকিৎসকে বাহিৰলৈ যোৱাৰ পৰামৰ্শ দিছে। সকলো ঠিকে থাকিলে উন্নত চিকিৎসাৰ বাবে মঙলবাৰে পুনৰ ৰাজ্যৰ বাহিৰলৈ নিয়া হব অখিল গগৈক। হৃদযন্ত্ৰৰ কঠিন লেজাৰ অস্ত্ৰোপচাৰ এটাৰ বাবে দিল্লী অথবা হাইদৰাবাদলৈ নিব বিধায়ক গগৈক। 

তিনিদিনে GMCHৰ বিছনাত চিকিৎসাধীন হৈ আছে বিধায়ক অখিল গগৈ। বুকুত প্ৰচণ্ড বিষ অনুভৱ কৰি প্ৰথমে ৰাজধানী দিল্লী আৰু তাৰ পাছত GMCH হাস্পাতালত চিকিৎসাধীন হৈছিল ৰাইজৰ দলৰ সভাপতিগৰাকী।
কাৰাগাৰত থকা সময়তে অখিল গগৈয়ে হৃদৰোগ তথা উচ্চ ৰক্তচাপত ভুগিছিল। বৰ্তমান পূৰ্বতকৈ কিছু পৰিমাণে ভাললৈ আহিছে গগৈৰ স্বাস্থ্যৰ অৱস্থা। প্ৰথম দুটা দিনে GMCHৰ আইচিইউত থকা অখিলক আজি অনা হৈছে কেবিনলৈ। 
অখিল গগৈৰ স্বাস্থ্য সন্দৰ্ভত এনেদৰে প্ৰাগ নিউজক জনালে ৰাইজৰ দলৰ সতীৰ্থই। বিধায়কগৰাকীক উন্নত চিকিৎসা প্ৰদানৰ অৰ্থে অচিৰেই পুনৰ বাহিৰলৈ নিয়াৰ চিন্তা চৰ্চা পৰিয়াল তথা সতীৰ্থৰ। বিধায়কগৰাকীৰ আশু আৰোগ্য কামনা কৰিছে তেওঁৰ আত্মীয় তথা শুভাকাংক্ষীসকলে। 

Related Articles