ডিব্ৰুগড় আৰক্ষীৰ গুৰুত্বপূৰ্ণ ঘোষণা; লালুকাৰ গুলীচালনাত ব্যবহৃত পিষ্টলৰ তথ্য দিলে পুৰস্কাৰৰূপে আগবঢ়াব নগদ ৫০ হাজাৰ টকা

ডিব্ৰুগড়ৰ লালুকাৰ গুলীচালনাৰ ঘটনা সন্দৰ্ভত জিলা আৰক্ষীয়ে এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এই অনুসৰি লালুকাৰ গুলীচালনাত ব্যবহৃত পিষ্টলৰ তথ্য দিয়াজনলৈ নগদ ৫০ হাজাৰ টকা পুৰস্কাৰৰূপে দিয়া হ’ব। লগতে তথ্য দিয়া ব্যক্তিগৰাকীৰ চিনাকী গোপনীয় ৰখা হ’ব। অসম আৰক্ষীয়ে  টুইটাৰত প্ৰত্যক্ষ বাৰ্তা প্ৰেৰণ কৰি অথবা আৰক্ষী অধীক্ষক, ডিব্ৰুগড় সৈতে যোগাযোগ  কৰি উক্ত বিষয় সন্দৰ্ভত জনাব পাৰে বুলি এক টুইটযোগে জনালে ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষকে। ইয়াৰ বাবে এটা যোগাযোগ নম্বৰো আগবঢ়াইছে ডিব্ৰুগড়ৰ আৰক্ষীয়ে। এই নম্বৰটো হৈছে– ফোন/ৱাটছএপ 6026901300।

Related Articles