লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তী
শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত তেজপুৰত “অসম ৰেপাৰেটৰী” ৰ বৰ্ণাঢ্য আয়োজন কৰিছে । আজিৰে শিক্ষানুষ্ঠানত “লাচিতৰ বাবে মাথো জাতিৰ বাবে ৩০ মিনিট” শীৰ্ষক সজাগতা কাৰ্যসূচী অনুষ্ঠিত কৰে ।তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা খন উদ্ধোধন কৰে শোনিতপুৰৰ উপায়ূক্ত দেৱ কুমাৰ মিশ্ৰই ।

ইয়াৰ লগতে অসমীয়া জাতিৰ শৌৰ্য্য – বীৰ্য্যৰ প্ৰতীক, অসম আৰু অসমীয়াৰ স্বাভিমান বীৰ লাচিত বৰফুকনৰ বীৰ গাঁথা শব্দ আৰু পোহৰৰ মায়াজালেৰে ৰাজ্যখনৰ প্ৰথিতযশা অভিনয় শিল্পীসহ আঢ়ৈশ শিল্পীয়ে মঞ্চৰ বিপৰীতে তেজপুৰৰ হজৰাপাৰৰ হৰ্জ্জৰ পুখুৰীৰ পাৰত বিশেষ শৈলীৰে মুক্তাংগণত প্ৰদৰ্শন কৰি এক ইতিহাস সৃষ্টি কৰাৰ দিশে আগবাঢ়িছে তেজপুৰৰ নাট্যানুষ্ঠান “অসম ৰেপাৰেটৰী ।উল্লেখ্য যে লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জয়ন্তীৰ লগত সংগতি ৰাখি তেজপুৰৰ নাট্যানুষ্ঠান” অসম ৰেপাৰেটৰী” এ শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত বৰ্ণাঢ্য ৰূপত”

হাতত লোৱা কাৰ্য্যসূচীৰ অংশ হিচাপে নয়নজ্যোতি ভট্টাচাৰ্য্যৰ বহু চৰ্চিত উপন্যাস” বুৰঞ্জী লিখা তৰোৱাল “ৰ আলমত পুলক কুমাৰ ডেকাৰ নাট্যৰূপ, পৰিকল্পনা আৰু পৰিচালনাৰে “অসম ৰেপাৰেটৰী” ৰ ১৯ আৰু ২০ নবেম্বৰত নিবেদন হ’ব লগা “লাচিত – বুৰঞ্জী লিখা তৰোৱাল” শীৰ্ষক নাটকখনৰ মঞ্চত কৰাৰ ওপৰত সজাগতা মুলক সভাত ব্যক্তব্য ৰাখে অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰাঞ্জিত হাজৰিকাই । পংকজ বৰুৱাই আট অনুষ্ঠান অসম ৰেপাৰটৰীৰ সভাপতি প্ৰদীপ লহকৰ আৰু তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰিঞ্জুমনি নেওগ বৰা উপস্থিত থাকে ।

