এপিএছচি উত্তীৰ্ণ এচিএছ ত্রিসিদ্ধ নাথক দৰিয়া গাওঁ গাঁওৰক্ষী বাহিনীৰ সম্বৰ্ধনা…

এপিএছচি উত্তীৰ্ণ এচিএছ ত্রিসিদ্ধ নাথক দৰিয়া গাওঁ গাঁওৰক্ষী বাহিনীৰ সম্বৰ্ধনা

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ ফলাফলত অসম প্ৰশাসনিক সেৱাত ৫৪ সংখ্যক স্থান অধিকাৰ কৰা মাজুলীৰ সু-সন্তান ত্রিসিদ্ধ নাথৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ মাজুলীৰ লগতে দৰিয়া গাওঁ তথা গাঁওৰক্ষী বাহিনী | বিয়লি ৪ বজাত গাওঁ গাঁওৰক্ষী বাহিনীৰ নায়ক প্ৰশান্ত বৰুৱা, ৰূপা বৰুৱা, যমুনা বৰা, তুলু বৰা প্ৰমুখ্যে বহুসংখ্যক সদস্য-সদস্যাসকলৰ নেতৃত্বত যোৱা এটি সজাতি দলে কমলাবাৰীৰ দৰিয়াস্থিত ত্রিসিদ্ধ নাথৰ বাসগৃহত উপস্থিত হৈ ফুলাম গামোচা আৰু সম্বৰ্ধনা পত্রৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে |

পিতৃ প্ৰয়াত অমৰ শিশুপ্ৰাণ খ্যাত অমৰেন্দ্ৰ বৰুৱা আৰু খৰিছাখোৱা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনুপ্ৰভা দেৱীৰ কনিষ্ঠ পুত্র, সাহিত্য সংগঠক শংকুসিদ্ধ নাথৰ একমাত্ৰ ভাতৃ তথা অসম সাহিত্য সভাৰ হিতৈষী সভ্য ত্রিসিদ্ধ নাথে মাজুলীৰ বিবেকানন্দ কেন্দ্ৰ বিদ্যালয়ৰ পৰা মাধ্যমিক শিক্ষা অৰ্জন কৰি গোলাঘাটৰ জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষা লাভ কৰে |

ইয়াৰ পিছতে দিল্লী বিশ্ববিদ্যালয়ৰ দীনদয়াল উপাধ্যায় মহাবিদ্যালয়ৰ পৰা গণিত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে | আজমল ফাউণ্ডেচনৰ পৰা মেধা শীৰ্ষক বিশেষ জলপানি লাভ কৰিবলৈ সক্ষম হোৱা ত্রিসিদ্ধই দিল্লীৰ জি.এচ মেণ্টৰচত অসামৰিক সেৱাৰ আৰ্হিপাঠ লোৱাৰ লগতে গুৱাহাটীৰ ভদ্ৰা আই এ এছ একাডেমী আৰু হোজাইৰ আজমল ফাউণ্ডেচনতো প্ৰশাসনিক সেৱাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলক শিক্ষাদান কৰিছিল | সৰুৰে পৰা গণিত-অংকত অতি মেধাৱী ছাত্ৰ হিচাপে পৰিচিত মাজুলীত ‘কম্পিউটাৰ’ নামেৰেও জনাজাত ত্রিসিদ্ধই সম্বৰ্ধনা জ্ঞাপন কৰি সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে |

Related Articles