সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগ আৰু সপ্তৰ্ষি-ঐক্যতানৰ সহযোগ ৷৷
চিৰাজুলিত অংকীয়া নাট কৰ্মশালাৰ সমাপন অনুষ্ঠানঃপ্ৰশিক্ষাৰ্থী অভিনীত “ৰাম বিজয়” ভাওনালৈ দৰ্শকৰ বিপুল সঁহাৰি ৷৷ অসমীয়া লোকসংস্কৃতিৰ প্ৰচাৰ-প্ৰসাৰ তথা ইয়াৰ বিকাশ আৰু চৰ্চাৰ পৰিৱেশ নিৰ্মাণৰ নিমিত্তে যোগাত্মক পদক্ষেপ গ্ৰহণ কৰি অহা ঢেকীয়াজুলিৰ সপ্তৰ্ষি-লোক কলা-কৃষ্টি একাডেমীয়ে বিবিধ সাংস্কৃতিক কৰ্মসূচী ৰূপায়ণৰ মাজেদি অনুষ্ঠানটিৰ সুকীয়া পৰিচিতি গঢ়ি তুলিবলৈ সক্ষম হৈছে ৷ বিগত একাধিক বৰ্ষত সপ্তৰ্ষিয়ে শ্বহীদ তীৰ্থ ঢেকীয়াজুলি-বৰছলাৰ ভিন্নস্থানত অংকীয়া নাটৰ কৰ্মশালা আৰু ভাওনা প্ৰদৰ্শনৰ অনুষ্ঠান আয়োজিত কৰি সচেতন ৰাইজৰ সমাদৰ বুটলিছে ৷

এইবেলি চিৰাজুলিৰ ঐক্যতান-লোকসংস্কৃতি বিকাশ আৰু সাধনা মঞ্চৰ আমন্ত্ৰণ আৰু ঐকান্তিক সহযোগিতাত আৰু ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ উদ্যোগত তথা সপ্তৰ্ষি-লোক কলা-কৃষ্টি একাডেমীৰ নেতৃত্বত চিৰাজুলিৰ পুৰণি ধৰ্মানুষ্ঠান “মিলনজ্যোতি নামঘৰ”ত সাংস্কৃতিক সংগঠনটিয়ে এমহীয়া প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰে যদিও ভিন্ন কাৰণত ইয়াৰ সামৰণী অনুষ্ঠানটি সম্পাদন হোৱা নাছিল ৷ শেহতীয়াকৈ দীপান্বিতাৰ আলোক বিধৌত উজ্জীৱিত আৰু সুৰভিত সময়ছোৱাৰ মাজতে দুদিনীয়াকৈ বিবিধ অনুষ্ঠান পৰিক্ৰমাৰে সম্পন্ন অংকীয়া নাট কৰ্মশালাৰ সমাপন অনুষ্ঠানটিৰ লগত সংগতি ৰাখি প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা এখনি অংকীয়া নাট প্ৰদৰ্শন কৰা হয় ৷ কাৰ্যসূচী অনুসৰি,প্ৰথম দিনা সন্ধিয়া স্থানীয় বয়োজ্যেষ্ঠ নামঘৰীয়া শিল্পী সৎৰাম হাজৰিকাই নামঘৰ চৌহদত বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী মুকলি কৰাৰ পাছত ভাওনাৰ গন্ধৰ্ব গীত-বাদনৰ অনুষ্ঠানটি ৰূপায়িত হয় ৷ দ্বিতীয় দিনা ৰাতিপুৱা ১০ বজাত সপ্তৰ্ষিঃলোক কলা-কৃষ্টি একাডেমীৰ সঞ্চালিকা গীতাঞ্জলি দেৱী ডেকাই পতাকা উত্তোলন কৰি দিনটোৰ কাৰ্যসূচীৰ শুভাৰম্ভ ঘটায় ৷
ৰাতিপুৱা ১০-৩০ বজাত ঐক্যতান-লোকসংস্কৃতি বিকাশ আৰু সাধনা মঞ্চৰ অধ্যক্ষ সুজিৎ কটকীয়ে স্মৃতি তৰ্পণ কাৰ্যসূচীত মুখ্য তৰ্পক হিচাবে ভাগ লোৱাৰ পাছত উপস্থিত নেতৃস্থানীয় ব্যক্তিসকলেও সত্ৰীয়া সংগীতৰ বাবে অনস্বীকাৰ্য অৱদান আগবঢ়োৱা প্ৰয়াত বৰেণ্যব্যক্তিসকললৈ একাঁজলি শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে ৷ ঐক্যতানৰ উপাধ্যক্ষ ধৰণী কেওঁটে আঁতধৰা অনুষ্ঠানত পতাকা উত্তোলক ডেকা আৰু মুখ্য তৰ্পক কটকীয়ে চমুকৈ প্ৰাসংগিক বক্তৱ্য দাঙি ধৰে ৷ সন্ধিয়া নামঘৰৰ পদূলি তথা চৌহদত আই-মাতৃসকলে প্ৰদীপ জ্বলাই এক ভক্তিময় পৰিৱেশৰ সূচনা কৰা হয় ৷ চিৰাজুলি মিলনজ্যোতি নামঘৰ পৰিচালনা সমিতি আৰু চিৰাজুলি শাখা সাহিত্য সভাৰ সভাপতি হৰি প্ৰসাদ দাসে সিদিনাৰ বন্তি প্ৰজ্বলন পৰিক্ৰমা আৰম্ভণি কৰে ৷ সন্ধিয়া ৭-৩০ বজাত অসম মহাপুৰুষীয়া সত্ৰ সমাজৰ বৰছলা আঞ্চলিক সমিতিৰ পৰা আমন্ত্ৰিত সাংস্কৃতিক দলে ভাওনাৰ প্ৰাকমুহূৰ্তত জোৰা-গাণিকাৰ অনুষ্ঠান পৰিৱেশন কৰে ৷ ইয়াৰ পাছতে ভাওনাৰ অনুষ্টুপীয়া উদ্বোধনী অনুষ্ঠান আয়োজিত হয় ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় শিক্ষা শাখা সমিতিৰ সভাপতি তথা অসম শিল্পী কাননৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি মৌচুমী কাকতিয়ে অংকীয়া ভাওনাৰ শুভ উদ্বোধন কৰি অংকীয়া নাট বিষয়ক মনোজ্ঞ বক্তৱ্য আগবঢ়োৱা অনুষ্ঠানত চিৰাজুলিৰ ঐক্যতান-লোকসংস্কৃতি বিকাশ আৰু সাধনা মঞ্চৰ অধ্যক্ষ সুজিৎ কটকীয়ে আদৰণি ভাষণ প্ৰদান কৰি তথা আঁতধৰি উল্লেখ কৰে যে অনুপম-অম্লান “সত্ৰীয়া সংস্কৃতিৰ বৰপথাৰলৈ সৰ্বতোমুখী মহাপ্ৰতিভা শংকৰদেৱ-মাধৱদেৱৰ স্বৰ্ণিল আৰু অমৃত অৱদান অপৰিসীম,অনন্য,চিৰসেউজ আৰু প্ৰাতঃস্মৰণীয় ৷
“অংকীয়া ভাওনা“- যুগস্ৰষ্টা গুৰুদুজনাৰ সৰ্বোত্তম কৃতি ৷ দৰাচলতে “ভাওনা” অসমীয়া জাতীয় জীৱনৰ ভূষণ তথা অসমীয়া সংস্কৃতিৰ উপমাবিহীন বৈভৱ ৷ সুদীৰ্ঘ বছৰীয়া বিস্তীৰ্ণ সাংস্কৃতিক পৰিক্ৰমা “ভাওনা শিল্প” আজি প্ৰতিগৰাকী অসমীয়াৰ প্ৰাণসখাত পৰিণত হৈছে ৷“ অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা বিশিষ্ট অভিনেতা-পৰিচালক মৃগেন বৰা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই বিশিষ্ট অতিথিৰ ভাষণ তথা প্ৰতিষ্ঠিত কবি-নিৱন্ধকাৰ আৰু কৃতি শিক্ষক ড° ৰোহিত চন্দ্ৰ ৰাভাই আমন্ত্ৰিত অতিথিৰ গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰি উদ্বোধনী অনুষ্ঠানটিৰ সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰবীণ ভাওনা শিল্পী লোকনাথ নাথ,সত্ৰীয়া শিল্পী সৎৰাম হাজৰিকা,সপ্তৰ্ষিৰ সঞ্চালিকা গীতাঞ্জলি দেৱী ডেকা,বিহু শিল্পী সংস্থাৰ কেন্দ্ৰীয় উপ-সভাপতি গণেশ ডেকা আৰু শোণিতপুৰ জিলা সমিতিৰ সভাপতি মুকুন্দ কেওঁটকে ধৰি কেইবাগৰাকী শিল্পী অনুষ্ঠানত উপস্থিত থাকে ৷ নিশা ৯-৩০ বজাৰ পৰা মহাপুৰুষ শংকৰদেৱ বিৰচিত “ৰাম বিজয়“ ভাওনা নাটখনি প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা সামগ্ৰিক সফলতাৰে অভিনীত হয় ৷ ভাওনা নাটখনিলৈ দৰ্শকৰ সঁহাৰি আছিল আশাব্যঞ্জক ৷ কুশীলৱ আৰু কলা-কুশলীসকলে তেওঁলোকৰ ৰসোত্তীৰ্ণ প্ৰদৰ্শনৰ যোগেদি ভাওনাপ্ৰেমী দৰ্শক ৰাইজৰ সমাদৰ বুটলিবলৈ সক্ষম হৈছিল। বিশিষ্ট শংকৰী সংগীত শিল্পী চন্দ্ৰকান্ত দাস অংকীয়া নাট কৰ্মশালাৰ প্ৰশিক্ষক তথা ভাওনা নাটখনিৰ মুখ্য পৰিচালক তথা শোণিতপুৰ জিলা নাট্য সন্মিলনৰ সম্পাদক-নাট্যশিল্পী সুজিৎ কটকী আৰু নৃত্যশিল্পী কংকনা বৰা শৰ্মা সহকাৰী পৰিচালক আছিল ৷
অংকীয়া ভাওনা নাট “ৰাম বিজয়”ৰ কুশীলৱবৰ্গ
আছিল : সূত্ৰ আৰু মদন মন্থৰা – কংকনা শৰ্মা বৰা (চিকাৰীবস্তি),ৰাম – জিতেন বৰা (গেজেংগাগুৰি),
লক্ষ্মণ – হিমনজ্যোতি দাস (শিঙিমাৰী),সীতা – কংকনা কেওঁট (চিৰাজুলি),বিশ্বামিত্ৰ – সুজিৎ কটকী (চিৰাজুলি),পৰশুৰাম – কুলেন হাজৰিকা (চিৰাজুলি),দশৰথ – ধৰণী কেওঁট (চিৰাজুলি),
জনক – বিনোদ কুমাৰ বৰ্মন (নতুনপাম),তাৰকাসুৰ – মৃদুল পানিকা(গোড়বস্তি),অসুৰ-অৰবিন্দ বৈশ্য (চিৰাজুলি), মাৰীচ – গকুল বৰ্মন(নতুনপাম),
সুবাহু – উৎপল বৰ্মন (চিৰাজুলি),মণিমন্ত্ৰ(মন্ত্ৰী) – অপূৰ্ব দাস (চিৰাজুলি),গালৱ (মুনী) – ক্ষিতেশ ভূঞা,
ৰজা – জয়ন্ত শইকীয়া (নতুনপাম),ৰজা চন্দ্ৰকেতু-মনোজ কুমাৰ বৈশ্য (চিৰাজুলি), ৰজা পুৰঞ্জয় – বাসু হালৈ (চিৰাজুলি), ৰজা কুমুদাক্ষ – ৰবীন তাঁতী (মোলানপুখুৰী), ৰজা শতধনু – প্ৰশান্ত বনিয়া (চিৰাজুলি), ৰজা – গুণদেৱ অধিকাৰী (চিৰাজুলি),কনকাৱতী- ধনদা শইকীয়া কটকী (চিৰাজুলি), চন্দ্ৰাৱতী – দীপামণি দেৱী (চিৰাজুলি),
সূৰ্যপ্ৰভা – মধুস্মিতা মেধি (চিৰাজুলি),প্ৰহৰী – জ্যোতিকমল কাকতি আৰু অনন্ত ভড়ালী (চিৰাজুলি) । ভাওনা নাটখনিৰ সাফল্যত শেৱালী কটকী হাজৰিকাৰ গায়কী, নটুৱা আৰু কণ্ঠদানত হেমেন দাসে,ৰঞ্জন বৰা আৰু প্ৰশান্ত শইকীয়াই খোলবাদন,জিতেন কোচে তাল,উপেন বড়োৰ বাঁহীবাদনৰ লগতে শিৱমণি দাস আৰু অজিত কোচৰ আলোকসম্পাতে বিশেষ ভূমিকা পালন কৰিছিল ৷ শিল্পী মুকুন্দ কেওঁটৰ নেতৃত্বত তেজপুৰৰ পৰা আমন্ত্ৰিত এটা দলে ভাৱৰীয়াসকলক দৃষ্টিনন্দনকৈ
সাজসজ্জা আৰু ৰূপসজ্জা কৰি ভাওনা নাটখনিৰ কৃতকাৰ্যতাত অৰিহণা যোগাইছিল ৷ জোৰা-গাণিকাত গায়ন-বায়নৰ দায়িত্ব পালন কৰা শিল্পীবৃন্দ আছিল – ৰবিৰাম শইকীয়া,কমলাকান্ত কোচ,ললিত চন্দ্ৰ বৰা,তিলেশ্বৰ বৰা,লংকেশ্বৰ বৰা,জিতেন কোচ,শিৱ কোচ,নোৱাৰাম কোচ,কমিন বৰা,চন্দ্ৰ কোচ,মহেশ্বৰ ভূঞা,তোলেন বৰা,চণ্ডী বৰা,অনিল কোচ,উমেশ কোচ আৰু শুকু কোচ ৷ আনহাতে ভাওনা নাটখনি যৱনিকা পৰাৰ পাছত প্ৰমাণ পত্ৰ প্ৰদান আৰু সম্বৰ্ধনা জ্ঞাপনৰ অনুষ্ঠানটি সম্পন্ন হয়। সপ্তৰ্ষিৰ প্ৰধান কৰ্মকৰ্তা গণেশ ডেকাই পৰিচালনা কৰা আৰু ঐক্যতানৰ অধ্যক্ষ সুজিৎ কটকী আৰু তত্বাবধায়ক কুলেন হাজৰিকাই আঁতধৰা অনুষ্ঠানত অতিথি মৃগেন বৰা আৰু ড° ৰোহিত চন্দ্ৰ ৰাভাই ভাওনাত অংশগ্ৰহণকাৰী শিল্পীসকলক উদ্দেশ্যি আগবঢ়োৱা পৰামৰ্শমূলক আৰু উৎসাহজনক বক্তৱ্যই উপকৃত কৰে। অনুষ্ঠানত অতিথিসকলৰ হাতেৰে সপ্তৰ্ষিৰ তৰফৰ পৰা প্ৰশিক্ষাৰ্থী তথা কুশীলৱ আৰু কলা-কুশলীসকলক প্ৰমাণ পত্ৰ বিতৰণৰ লগতে ভাওনা নাটখনৰ মুখ্য পৰিচালক চন্দ্ৰকান্ত দাস,সহকাৰী পৰিচালক সুজিৎ কটকী আৰু কংকনা বৰা শৰ্মা,বয়োজেষ্ঠ নামঘৰীয়া শিল্পী ললিত চন্দ্ৰ বৰা,ৰবিৰাম শইকীয়া আৰু তৰুণ লোকশিল্পী মুকুন্দ কেওঁটক সম্বৰ্ধনা জনায় ৷ তদুপৰি উক্ত অনুষ্ঠানতে সপ্তৰ্ষিয়ে ঐক্যতানৰ অধ্যক্ষ সুজিৎ কটকী,উপাধ্যক্ষ ধৰণী কেওঁট আৰু তত্বাবধায়ক কুলেন হাজৰিকাক সম্বৰ্ধিত কৰাৰ বিপৰীতে ঐক্যতানেও সপ্তৰ্ষিৰ পৰিচালক গণেশ ডেকা আৰু জেষ্ঠ সদস্য শিৱমণি দাসক (পৰৱৰ্তী সময়ত সঞ্চালিকা গীতাঞ্জলি দেৱী ডেকা আৰু তত্বাবধায়ক ৰূপম ভূঞাক) মানপত্ৰ আৰু ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় আৰু পৰস্পৰে পৰস্পৰৰ গঠনমূলক পদক্ষেপ তথা ধনাত্মক সহযোগিতাক কৃতজ্ঞতা প্ৰকাশ কৰে। ইপিনে সমগ্ৰ অনুষ্ঠানটিৰ সফল পৰিসমাপ্তিত সৰ্বাত্মক সহযোগিতা আগবঢ়োৱা শুভচিন্তক আৰু সদাশয় ৰাইজৰ প্ৰতি সপ্তৰ্ষিৰ সঞ্চালিকা গীতাঞ্জলি দেৱী ডেকা,পৰিচালক গণেশ ডেকা আৰু তত্বাবধায়ক ৰূপম ভূঞা তথা ঐক্যতানৰ অধ্যক্ষ সুজিৎ কটকী,উপাধ্যক্ষ ধৰণী কেওঁট আৰু তত্বাবধায়ক কুলেন হাজৰিকাই শলাগ লয় ৷
প্ৰশান্ত বৈশ্যঃঢেকীয়াজুলি

