হৃদৰোগ বিশেষজ্ঞ ডাঃ মৃদুল মহন্তই নিজৰ হাৰ্ট কেনেকৈ ৰক্ষা কৰিব লাগে কি কি পৰামৰ্শ দিলে জানক…

আমি নিজেই নিজৰ হাৰ্টটো ৰক্ষা কৰিব লাগিব:: হৃদৰোগ বিশেষজ্ঞ ডাঃ মৃদুল মহন্ত


সমগ্ৰ বিশ্বতে হৃদৰোগত আক্ৰান্ত লোকৰ সংখ্যা শেহতীয়াকৈ দিনক দিনে অভাৱনীয় ভাৱে বৃদ্ধি হৈছে ৷ বিগত বৰ্ষত অকল ভাৰতবৰ্ষতে হৃদৰোগত আক্ৰান্ত হৈ ২৮ লোকৰ মৃত্যু হৈছে ৷ সেয়েহে সকলোৱে হৃদৰোগ সম্পৰ্কত সজাগ হোৱাটো জৰুৰী হৈ পৰিছে- এই মন্তব্য হৃদৰোগৰ বিশিষ্ট চিকিৎসক সোণৰ পদকপ্ৰাপ্ত ডাঃ মৃদুল মহন্তৰ ৷

আজি ৯৪ সংখ্যক বৰপেটাৰোড সাৰ্বজনীন ৰাস মহোৎসৱৰ উদ্যোগত বৰপেটাৰোড শাখা সত্ৰ চৌহদত আয়োজিত এক আলোচনা চক্ৰত মুখ্য বক্তা হিচাবে অংশগ্ৰহণ কৰি তেখেতে আৰু কয়– আমি নিজেই নিজৰ হাৰ্টটো ৰক্ষা কৰিব লাগিব। পৰিসমিত খাদ্য গ্ৰহণ, সাধাৰণ জীৱন যাপন, নিয়মীত খোজকঢ়া আৰু ব্যায়াম কৰিলে হাৰ্টৰ বেমাৰ হোৱাৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি ৷ তাৰ বিপৰীতে অপ্ৰকৃতিস্থ জীৱন শৈলী, ধুপমান কৰা, মাদক দ্ৰৱ আদি সেৱন কৰিলে হাৰ্টৰ অসুখ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে ৷

এইবোৰৰ পৰাই হাৰ্টৰ অসুখ হোৱাৰ লগতে মধুমেহ ৰোগ, কিডনী, লিভাৰ, প্ৰেচাৰৰ বিসংগতিয়ে দেখা দি এটাৰ পিছত এটা বেমাৰে আগুৰি ধৰে ৷ সেয়ে এইবোৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে নিয়মীত খোজকঢ়াৰ লগতে পৰিপাটি জীৱন শৈলী গ্ৰহণ কৰিবলৈ ৰাইজক আহ্বান জনায় ৷ মুখ্যত সত্ৰৰ ভকত আৰু আইসকলৰ বাবে আয়োজন কৰা এই আলোচনা চক্ৰত তেখেতে ৰাইজৰ বিভিন্ন চিকিৎসা সম্পৰ্কীয় প্ৰশ্নৰ উত্তৰ প্ৰদান কৰিছিল ৷প্ৰেৰক-দেৱজিত মেচ,বৰপেটাৰোড

Related Articles