Breaking

পেঙেৰীত সেনাৰ কনভয় আক্ৰমণৰ দায়িত্ব স্বীকাৰ আলফা (স্বাধীন)ৰ…

0 87

সোমবাৰে পুৱা তিনিচুকীয়াত ভাৰতীয় সেনাৰ কনভয়ত সংঘটিত আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে সংযুক্ত মুক্তি বাহিনী, অসম, চমুকৈ আলফা (স্বাধীন)-ই। এই আক্ৰমণক বিদ্ৰোহী সংগঠনটোৱে ‘অপাৰেচন লখিপথাৰ’ হিচাপে অভিহিত কৰিছে।এক বিবৃতি যোগে আলফা (স্বাধীন)- এ ভাৰতীয় সেনাৰ ১৮ নং গাৰোৱাল ৰেজিমেন্টৰ বিৰুদ্ধে চলোৱা সামৰিক অভিযানত সেনাৰ এখন বোমা প্ৰতিৰোধী বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহুকেইগৰাকী সেনা জোৱান আহত হোৱা বুলি দাবী কৰিছে।

সেনাৰ ব্যৰ্থতাৰ এই মুখলজ্জা ঢাকিবৰ বাবে তাৎক্ষণিকভাৱে ক্ষতিগ্ৰস্ত বাহনখন আঁতৰাই নিয়াৰ লগতে আহত সেনা জোৱান কেইজনক তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰি সাংবাদিক সকলক ঘটনাস্থলীত প্ৰৱেশত বাধা দিয়ে বুলিও সংগঠনটোৱে লগতে দাবী কৰিছে।সাংবাদিক সকলক ঘটনাস্থলীলৈ যাবলৈ নিদিয়াৰ পৰিপ্ৰেক্ষিতত প্ৰকৃত তথ্য লাভৰ পৰা বঞ্চিত হয় যদিও ঘটনাস্থলীত থকা তেজৰ চেকুৰাই সেনা জোৱান সকল আহত হোৱাৰ প্ৰমাণ দিয়ে বুলিও বিবৃতিটোত দাবী কৰিছে আলফা (স্বাধীন)- এ।অহা ২৮ নৱেম্বৰত সংগঠনটোৱে পালন কৰিবলগীয়া “প্রতিবাদ দিৱস”ৰ লগত সঙ্গতি ৰাখিয়েই ভাৰতীয় সেনাৰ বিৰুদ্ধে উক্ত সামৰিক অভিযান চলোৱা হয় বুলি আলফা (স্বাধীন)- এ লগতে কয়।

উল্লেখ্য যে কালি পুৱা ৮ বজাত তিনিচুকীয়া জিলাৰ ডিগবৈ-পেঙেৰী অঞ্চলৰ বৰপথাৰত সেনাৰ কনভয়টোৰ ওপৰত এক ভয়াৱহ আক্ৰমণ সংঘটিত হৈছিল। প্ৰতিৰক্ষা পিআৰঅ’ লেফটেনেণ্ট কৰ্ণেল মহেন্দ্ৰ ৰাৱাটে গুৱাহাটীত এই আক্ৰমণৰ বিষয়ে সদৰী কৰিছিল।সেনা বিষয়া গৰাকীয়ে সেনাৰ দলটোৱে লগে লগে প্ৰতি আক্ৰমণ কৰাৰ ফলত আক্ৰমণকাৰী সন্ত্ৰাসবাদীৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে বুলি দাবী কৰাৰ লগতে এই আক্ৰমণত কোনো লোক সেনা জোৱানৰ হতাহত হোৱা নাই বুলি মন্তব্য কৰিছিল।সেই মুহূৰ্তলৈকে আক্ৰমণৰ আঁৰত থকা উগ্ৰপন্থী দলটোক চিনাক্ত কৰিব পৰা নাছিল যদিও আৰক্ষীয়ে আক্ৰমণত আলফা (স্বাধীন) জড়িত থকাৰ সন্দেহ কৰিছিল।

Leave A Reply