Breaking

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাবে দায়িত্ব গ্ৰহণ কৰিয়েই ভাৰতীয় বংশোদ্ভূত ঋষি চুনাকে ভাৰতীয় লোকৰ বাবে গ্ৰহণ কৰিছে এক কাৰ্যকৰী পদক্ষেপ…

0 51

ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী হিচাবে দায়িত্ব গ্ৰহণ কৰিয়েই ভাৰতীয় বংশোদ্ভূত ঋষি চুনাকে ভাৰতীয় লোকৰ বাবে গ্ৰহণ কৰিছে এক কাৰ্যকৰী পদক্ষেপ। সেইমৰ্মে এতিয়াৰে পৰা ব্ৰিটেইনে ভাৰতীয় যুৱক-যুৱতীসকলক দেশ খনত কাম কৰাৰ বাবে ৩ হাজাৰ ভিছা প্ৰদান কৰিব। এনে সুবিধা লাভ কৰা ভাৰতেই হ’ব প্ৰথম দেশ। উল্লেখ্য ইণ্ডোনেছিয়াৰ বালি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰাৰ পিছতে চুনাকে এই সিদ্ধান্ত লয়।

ফলত ১৮-৩০ বছৰীয়া ভাৰতীয় শিক্ষিত যুৱ প্ৰজন্মক দুবছৰলৈকে ব্ৰিটেইনত কাম কৰাৰ সুবিধা লাভ কৰিব। ব্ৰিটেইনে কৈছে যে এয়া দুয়ো খন দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ ই এক প্ৰয়াস ।

বৰ্তমান ব্ৰিটেইনত ৯৫,০০০ ৰৰো অধিক ভাৰতীয় লোকে বিভিন্ন কোম্পানী আদিত কাম কৰি আছে। অতিৰিক্ত তিনিহাদাৰ ভিছাই সেই সুবিধা বৃদ্ধি কৰিব।

Leave A Reply