যদি আপোনাৰ ৰন্ধন গেছৰ সংযোগ থাকে, তেন্তে এই খবৰ অত্যন্ত গুৰুত্বপূৰ্ণ। ইণ্ডিয়ান অইল কৰ্প’ৰেচনৰ ফালৰ পৰা এক বিবৃতিত জনোৱৈ হৈছে কিউ আৰ কোড বেছড চিলিণ্ডাৰ মুকলি কৰা হৈছে। ইণ্ডিয়ান অইলৰ অধ্যক্ষ শ্ৰীকান্ত মাধৱে জনাইছে যে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰো থাকিব কিউ আৰ কোড। কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে জনাইছে যে ৰন্ধন গেছৰ ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আহিব। তেওঁ আৰু জনাইছে যে কিউ আৰ কোডৰ জৰিয়তে গ্ৰাহকসকলে সকলো ধৰণৰ তথ্য লাভ কৰিব পাৰিব। চিলিণ্ডাৰৰ সুৰক্ষা, ৰিফিলিং সংক্ৰান্তীয় বিভিন্ন ধৰণৰ তথ্য পোৱা যায়। বৰ্তমান চিলিণ্ডাৰৰ সৈতে QR কোড সংলগ্ন থাকিব। নতুন চিলিণ্ডাৰতো থাকিব।ইউনিট কোড বেছড ট্ৰেকৰ অন্তৰ্গত কিউ আৰ কোডৰ এম্বেড ২০ হাজাৰ এলপিজি চিলিণ্ডাৰত কাৰ্যকৰী হ’ব। এয়া এক প্ৰকাৰৰ বাৰকোড যিয়ে ডিজিটেল ডিভাইচৰ মাধ্যমত ৰিড কৰা হ’ব।পেট্ৰ’লিয়াম মন্ত্ৰীয়ে আগন্তুক তিনি মাহত সকলো ১৪.২ কিলোগ্ৰামৰ ঘৰুৱা চিলিণ্ডাৰত কিউ আৰ কোড লাগিব বুলি জনাইছে। তেওঁ জনাইছে, প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা মুকলি হোৱাৰ পূৰ্বে স্বচ্ছভাৱে ৰন্ধা–বঢ়া কৰাটো অত্যন্ত প্ৰত্যাহ্বান আছিল। কেন্দ্ৰীয় আঁচনিৰ ফলত গ্ৰামীণ মহিলাসকল অত্যন্ত উপকৃত হৈছে। ফলত ৰন্ধনৰ ক্ষেত্ৰত বহু সমস্যাৰ সমাধান হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সৰুবিহুৱতী প্ৰতিযোগিতাত ৭০ টা পুৰস্কাৰ বুটলিলে উৰিয়ামঘাটৰ বিদ্যাদিপ্তাই
- সৰৱ হৈ পৰিছে সদৌ অসম বাঙা‘লী যুৱ ছাত্ৰ ফেডাৰেচন আৰু সদৌ বি টি আৰ বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ কৰ্মকর্তা সকল…
- গৌৰীপুৰ বলাজনোত ভয়ংকৰ পথ দুৰ্ঘটনা ! ই-ৰিক্সা আৰু এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ…
- বৰ্ণাঢ্য কাৰ্যসূচীৰে তিতাবৰৰ আদর্শ মহিমাবাৰী গাঁৱৰ সোণালী জয়ন্তী বৰ্ষ উদযাপন…
- প্ৰাক্তন প্ৰধানমন্ত্ৰী, ড° মনমোহন সিঙৰ লগতে কেইবাগৰাকী প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি মন্ত্ৰীৰ নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা ঘৰতে ভোটদানৰ সুবিধা লাভ…
- চিইউইটি প্ৰৱেশ পৰীক্ষাত পৰীক্ষাৰ্থীৰ লগুণ খুলিবলৈ বাধ্য কৰা ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে এজাহাৰ দাখিল…
- ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ সতৰ্কতা জাৰি…
- উদয়পুৰ-নাহৰণি গাঁৱত আধ্যাত্মিক আৰু পুৰাতনীয়া নিয়মেৰে গজাই পূজা উদযাপন…
- সাপটগ্ৰামত চাঞ্চল্য়কৰ ঘটনা…
- ডিমৌ আঞ্চলিক এমএমকেৰ যৌথ চতুৰ্থ ত্ৰি-বাৰ্ষিক অধিৱেশন সম্পন্ন…