গোৱালপাৰাত বন্যহস্তীয়ে ধ্বংস কৰিলে অংগনবাড়ী কেন্দ্ৰ

গোৱালপাৰা জিলাত বন্যহস্তীৰ আতংকৰ আন এক ঘটনা। ১৭ নৱেম্বৰত বনৰীয়া হাতীয়ে মানৱ বসতিস্থলীত বিচৰণ কৰি এটা অংগনবাড়ী কেন্দ্ৰ ধ্বংস কৰে।

খবৰ অনুসৰি গোৱালপাৰা জিলাৰ পশ্চিম মাটিয়াৰ পূব পাহাৰৰ হাজংপাৰা অংগনবাড়ী কেন্দ্ৰটো খাদ্যৰ সন্ধানত বনৰীয়া হাতীয়ে অৰণ্যৰ পৰা ওলাই আহি ভাঙি পেলয়। মাজনিশা প্ৰায় ১২ বজাত জাম্বোটোৱে কেন্দ্ৰটোৰ চৌহদ আক্ৰমণ কৰি কেন্দ্ৰটো ধ্বংস কৰে।

Related Articles