নলবাৰী চহৰত ইচলাম ধৰ্মালম্বী মুজিবুৰে মুখাগ্নি কৰিলে হিন্দু ধৰ্মৰ প্ৰায় এশবছৰীয়া কৈলাশ দাসক, বৈদিক ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন…

নলবাৰী চহৰত ইচলাম ধৰ্মালম্বী মুজিবুৰে মুখাগ্নি কৰিলে হিন্দু ধৰ্মৰ প্ৰায় এশবছৰীয়া কৈলাশ দাসক,বৈদিক ৰীতি-নীতিৰে শেষকৃত্য সম্পন্ন । এগৰাকী ইচলাম ধৰ্মালম্বী লোকে মহানুভৱতা দেখুৱাই মুখাগ্নি কৰিলে হৰেশ্বৰৰ হিন্দু ধৰ্মৰ ব্যক্তিক । নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক তথা শান্তি নিবাস অনাথ আশ্ৰম পৰিচালক মজিবুৰ ৰহমানে আজি মুখাগ্নি কৰিলে লক্ষীমপুৰৰ প্ৰায় এশ বছৰীয়া কৈলাস দাসক  ।

বিগত সাতটা বছৰে কৈলাস দাসক পথ পথৰ পৰা তুলি আনি সাংবাদিক মহিবুৰ ৰহমানে কৈলাস দাসক শান্তি নিবাস অনাথ আশ্ৰমত ৰাখি খোৱা-লোৱা,ভৰণ-পোষণ আদি সকলো খিনি দায়িত্ব প্ৰদান কৰি আহিছিল । তদুপৰি কৈলাস দাস বিগত কিছুদিন বছৰ ধৰি অসুখীয়া হৈ পৰাত নিজৰ পকেটৰ ধনেৰে চিকিৎসা কৰাই আছিল মজিবুৰে  ।  কিন্তু আজি শান্তি নিবাস অনাথ আশ্ৰমৰ নিবাসী কৈলাশ ডেকাই অৱশেষত নিয়তিৰ আগত পৰাজয় মানি মজিবুৰৰ লগতে সকলো অনাথ আশ্ৰমৰ লোকক কন্দুৱাই থৈ গল ।

কৈলাস দাসৰ মৃত্যুৰ পিছতে মজিবুৰে এগৰাকী পুত্ৰৰ দায়িত্ব পালন কৰি বৈদিক ৰীতি-নীতিৰে নলবাৰী গৰুবজাৰৰ শ্মশানত তেখেতৰ অন্তেষ্টিক্ৰিয়া সম্পূৰ্ণ কৰে । সাংবাদিক মহিবুৰ ৰহমানৰ এনে সজ কাৰ্যক সচেতন মহলে ভূয়সী প্ৰশংসা কৰে । কৈলাস দাসৰ শেষকৃত্যৰ সময়ত যুৱ সংবাদকৰ্মী মৃদুল কলিতা, নৱদ্বীপ বৰকটকী, কেমেৰা পাৰ্ছন জ্যোতিষ্মান শৰ্মা,নলবাৰী ৰাইজৰ দলৰ সভাপতি জ্ঞানেন চক্ৰৱৰ্তী,ভালে কেইগৰাকী বিশিষ্ট ব্যক্তি সহ অনাথ আশ্ৰমৰ আবাসী সকল উপস্থিত থাকে

Related Articles