নাজিৰাৰ অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বি- বাৰ্ষিক অধিৱেশনৰ সামৰণি…

নিজম পৰিল নাজিৰাৰ মেকিপুৰ গণেশ চন্দ্ৰ কুৰ্মী সমন্বয় ক্ষেত্ৰ / অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বি- বাৰ্ষিক অধিৱেশন সামৰণি নাজিৰাৰ মেকিপুৰ চাহ বাগিচা খেল পথাৰৰ প্ৰয়াত গণেশ চন্দ্ৰ কুৰ্মী সমন্বয় ক্ষেত্ৰত তিনি দিনীয়া বৰ্ণাঢ্য কাৰ্যসুচীৰে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ চতুৰ্থ দ্বি – বাৰ্ষিক অধিৱেশনৰ কালি সামৰণি পৰে। শেষৰ দিনাৰ কাৰ্যসূচীত বাৰেৰহনীয়া সাংস্কৃতিক শোভাযাত্ৰা,প্ৰতিনিধি সভা,মুকলি সভা, সাংস্কৃতিক অনুষ্ঠান আদিৰ আয়োজন কৰা হয়।

চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভানেত্ৰী মনুমতি কুৰ্মিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা ,প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝি, শিৱসাগৰৰ উপায়ুক্ত আদিত্য বিক্ৰম যাদব, প্ৰহ্লাদ গোৱালা, শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে।

উক্ত সভাতে  জ্ঞান গঙ্গা নামেৰে এখনি স্মৃতি গ্ৰন্থ  আৰু এখনি পত্ৰিকা উন্মোচন কৰে ক্ৰমে সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু প্ৰাক্তন মন্ত্ৰী পৃথিৱী মাঝিয়ে।  লগতে ২০২২ বৰ্ষৰ চতুৰ্থ দি বাৰ্ষিক অধিবেশনৰ প্ৰতিনিধি সভাত  সঞ্জয় কুমাৰ তাঁতীক সভাপতি আৰু সঞ্জীৱ কৈৰীক প্ৰধান সম্পাদক হিচাপে লৈ এখন ৩১ জনীয়া কমিটি নিৰ্বাচিত কৰা হয়।  নিশাৰ বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠানৰ পাছতে সামৰণি পৰে অধিৱেশনৰ কাৰ্যসূচী।নাজিৰাৰ পৰা দিলীপ হাজৰিকা

Related Articles