গহপুৰ আৰক্ষী থানাৰ অৰ্ন্তগত টিঙালী বড়ীত নতুন পোতা দমকলৰ পৰা পানী ওলোৱাৰ পৰিবৰ্তে পুনৰবাৰ গেছ ওলোৱাত আচৰিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ।জানিব পৰা মতে যোৱা ১৯ নবেম্বৰত টিঙালীবড়ীৰ পুতুল নেওগ নামৰ ব্যক্তি জনৰ ঘৰৰ পিছ ফালৰ বাৰীত পানী খাবৰ বাবে কেইজন মান লোকে এটা দমকল স্থাপন কৰি আছিল।
পাইপডাল বহুৱাই থকা অৱস্থাত হঠাতে বুৰ -বুৰণি শব্দ শুনিবলৈ পায়।পাইপডাল তেনে দৰে থৈ দিয়াৰ পাছত পোতা পাইপ ডালেৰে উক্ত দিনটো আৰু ৰাতিটো অহৰহ ঘোলা পানী ওলাই থাকে।পিছদিনা পুৱা পুতুল নেওগে পাইপডালৰ মুখেৰে ধোৱা দৰে বস্তু নিৰ্গম হোৱা দেখা পাই কি ওলাইছে বুলি জুই লগাই দিয়াত জুই জ্বলি উঠে।জুই জ্বলি উঠাত পৰিয়ালৰ লোকৰ মাজত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয়।সেইদিনাৰে পৰা আজি পৰ্যন্ত জ্বলিয়েই আছে।
স্থানীয় ৰাইজে অনুমান কৰা মতে হয়তো পেট্ৰ’লিয়াম গেছ হব।পুতুল নেওগে এনেদৰে গেছ নিৰ্গমন হোৱাত আতংকিত হৈ পৰাত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনায়। উলেখ্য যে প্ৰায় দহ বছৰৰ পুৰ্বে টিঙালীবড়ীৰে মিনেশ্বৰ খাউণ্ড নামৰ ঘৰৰ কাষতে পোতা এটি দমকলৰ পাইপ পোতাত পাইপৰ পৰা গেছ ওলাইছিল আৰু তাত জুই জ্বলাই দিয়াত আজি পৰ্যন্ত জুই জ্বলি আছে।
প্ৰয়াত মিনেশ্বৰ খাউণ্ড পৰিয়ালে পাইপৰ মুখৰ জুইত বিশেষ ব্যৱস্থাৰে ৰন্ধন কাৰ্য সমাপন কৰি আহিছে।মিনেশ্বৰ খাউণ্ড আৰু কেইজনমান সচেতন ব্যক্তিয়ে বিভাগীয় কৰ্তৃপক্ষৰ লগত বিষয়টোৰ সন্দৰ্ভত যোগাযোগ কৰিছিল যদিও কোনো সুফল নাপালে।স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষই অনুসন্ধান কৰিলে অঞ্চলটোত গেছৰ ভাণ্ডাৰ লাভ কৰিব বুলি আশা কৰিছে।নিতুল বৰা গহপুৰ ।