Breaking

শিলচৰত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কেবিনেট বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

0 50


গুৱাহাটী মহানগৰীত নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩খন উৰণীয়া সেঁতুৰ বৰাক উপত্যকাৰ শিলচৰত প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্যখনৰ উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ বাবেই এনে সিদ্ধান্তস,মূহ গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে

শিলচৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা উল্লেখযোগ্য ঘোষণা হ’ল ইন্দিৰা মিৰি আৰু দীন দয়াল উপাধ্যায় আঁচনিৰ হিতাধিকাৰীসকলক পেঞ্চন নীতি প্ৰদানৰ লগতে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা বৃদ্ধি কৰা হ’ব। মুখ্যমন্ত্ৰী শৰ্মাই কয় যে অৰুণোদয় হিতাধিকাৰীৰ সংখ্যা ৩৫ লাখলৈ বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে। চলিত বছৰৰ শেষৰ ফালে এই সংখ্যা ২৭ লাখলৈ বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। তেওঁ লগতে কয় যে মুঠ হিতাধিকাৰীৰ সংখ্যা আঁচনিখনৰ বাবে মুঠ ব্যয় ৪,০০০ কোটি টকা ধাৰ্য কৰা হৈছে।

মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে কেবিনেটে ৩১ মাৰ্চৰ নতুন অৰুণোদয় হিতাধিকাৰীৰ সৃষ্টি কৰিবলৈ লক্ষ্য বান্ধি লৈছে। ১০,৫৭,৫১৬ গৰাকীক নতুনকৈ দিয়া হ’ব অৰুণোদয়। মুঠ অৰুণোদয় হিতাধিকাৰী হ’বগৈ ২৭,৭৭,০০০ গৰাকী। ৭ জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হ’ব। ২০ ফেব্ৰুৱাৰীৰ ভিতৰত বাচনি হ’ব হিতাধিকাৰী। ১০ এপ্ৰিলত প্ৰথম কিস্তিৰ ধন পাব হিতাধিকাৰীয়ে। দীনদয়াল দিব্যাংগ আঁচনিৰ হিতাধিকাৰীয়ে পাব অৰুণোদয়। অহা বছৰত আৰু ৮ লাখ হিতাধিকাৰী সৃষ্টিৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে। শিলচৰত কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে কেবিনেটত ৩২২টা প্ৰকল্পৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। কেবিনেটত ৩২ বছৰ পুৰণি প্ৰস্তাৱো অনুমোদন জনোৱা হয় । ১৯৯০ চনত দিয়া প্ৰকল্পৰ প্ৰস্তাৱত আজি কেবিনেটে অনুমোদন জনায় ।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে যানজঁট দূৰ কৰিবলৈ আৰু মহানগৰবাসীৰ সুবিধাৰ্থে গুৱাহাটী

মহানগৰীত নতুনকৈ ৩খন উৰণীয়া সেঁতুৰ নিৰ্মাণত কেবিনেটে অনুমোদন জনায়।নতুনকৈ নিৰ্ণাণ কৰিবলগীয়া উৰণীয়া সেঁতু কেইখন ডাউন টাউন, ফটাশিল, গড়চুকত নিৰ্মাণ কৰা হ’ব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে ফটাশিল-কুমাৰপাৰা পইণ্টত হ’ব উৰণীয়া সেতু। সমগ্ৰ জিএছ ৰোড ট্ৰেফিক পইণ্ট বিহীন কৰাৰও পৰিকল্পনা গ্ৰহণ কৰা হৈছে।


লগতে গুৱাহাটীৰ বিমানবন্দৰৰ পৰা আজাৰালৈ হ’ব এটা নতুন পথ। পাগলাদিয়াৰ ওপৰত দলং নিৰ্মাণৰো পৰিকল্পনাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজিৰ কেবিনেট বৈঠকতে মাজুলী-লখিমপুৰ সংযোগী দলং নিৰ্মাণৰো সিদ্ধান্ত লোৱা হয় ।

Leave A Reply