শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত বাহঁবেৰা গাওঁ পঞ্চায়ত এলেকাৰ বাহঁবেৰাৰ পৰা সুতিৰপাৰ হৈ উলুবাৰীলৈ যোৱা বিধ্বস্ত পথ নিৰ্মাণৰ দাবীত আজি সুতিৰপাৰ গাঁৱত অঞ্চলটোৰ দুৰ্ভগীয়া ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷

আজি প্ৰতিবাদকাৰী সকলে ‘বাহঁবেৰাৰ পৰা সুতিৰপাৰ হৈ উলুবাৰীলৈ যোৱা পথ অতি শীঘ্ৰে নিৰ্মাণ কৰক,আমাক মৰ্যদা সহকাৰে জীয়াই থাকিবলৈ দিয়ক,আমাৰ অধিকাৰ আমাক প্ৰদান কৰক,সুতিৰপাৰ গাঁৱত পকি পথ আমাক লাগিবই ,আমাৰ দাবী ন্যায্য দাবী,আমাৰ দাবী মানি লওক,স্থানীয় বিধায়ক অশোক সিংঘাল শুনি লওক,সাংসদ পল্লৱ লোচন দাস শুনি লওক,অসম চৰকাৰৰ কাম নাই’ আদি বিভিন্ন শ্ল’গান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷আজি দিনৰ ১১ টা বজাত অঞ্চলটোৰ আৱাল বৃদ্ধ বনিতা জীয়ৰী বোৱাৰীৰ লগতে কণকণ শিশু সকলে বিধ্বস্ত পথত উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে পথচোৱা নিৰ্মানৰ দাবী জনায়৷উল্লেখ্য যে ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ বাঁহবেৰা গাওঁ পঞ্চায়ত এলেকাৰ বাঁহবেৰাৰ পৰা সুতিৰপাৰ হৈ উলুবাৰীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথচোৱা বিগত বহু দিনৰ পৰাই বিধ্বস্ত হৈ আছে৷

যদিও আজিলৈকে উক্ত পথচোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা নহল ফলত ৰাইজে যাতায়তৰ ক্ষেত্ৰত ভোগিছে যমৰযাতনা৷সেয়েহে আজি উক্ত পথচোৱা নিৰ্মাণৰ দাবীত অঞ্চলটোৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰশান্ত বৈশ্যঃঢেকীয়াজুলি৷

