Breaking

মহানগৰীত ক’ৰ’ণাত আক্ৰান্ত হৈ কিশোৰীৰ মৃত্যু

0 70

ডিজিটেল ডেস্ক

মহানগৰীত ক’ৰ’ণাত ভাইৰাছত আক্ৰান্তহৈ এগৰাকী ১৩ বছৰীয়া কিশোৰীৰ মৃত্যু হৈছে৷ কিশোৰীগৰাকীৰ নাম দীপিকা বাছফৰ। উল্লেখ্য যে দীপিকাৰ আইতাক আছিল বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ চাফাই কৰ্মী৷ মালতী বাছফৰ নামৰ এই চাফাই কৰ্মীগৰাকীৰ সৈতে আছিল দীপিকা। বিৰুবাৰীত ঘৰ যদিও, আইতাকৰ সৈতে থকা দীপিকা জ্বৰ আৰু ক’ৰ’ণাজনিত উপসৰ্গই দেখা দিয়াত তেওঁক চিকিৎসকৰ ওচৰলৈ নিয়া হৈছিল। ১৩ বছৰীয়া দীপিকা বৃহস্পতিবাৰে দুপৰীয়া মৃত্যু হোৱাৰ পাছত তেওঁৰ দেহত কোভিড-১৯ৰ উপসৰ্গই দেখা দিয়াৰ বাবে তেওঁৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। সেই পৰীক্ষাত দীপিকা কোভিড-১৯ত আক্ৰান্ত হোৱাতো নিশ্চিত হয়। ইয়াৰ পাছতেই বি বৰুৱা কেন্সাৰ হাস্পতালৰ আবাসিক কলনীত বাস কৰা দীপিকাৰ আইতাক মালতী বাছফৰ আৰু তেওঁৰ পৰিয়ালৰ আন ব্যক্তিসকলক ইতিমধ্যে কোৱাৰেণ্টাইন কৰা হৈছে। উল্লেখ্য যে এই পৰ্যন্তলৈ ৰাজ্যত ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ দ্বিতীয়গৰাকীৰ মৃত্যু হয় গুৱাহাটীত।

Leave A Reply