সমষ্টি উন্নয়ন পুঁজিৰ আশাত বন্দী বিধায়কৰ চকুলো! বিত্তীয়বৰ্ষ অন্ত পৰিবলৈ মাথো তিনিমাহ

একোগৰাকী বিধায়কৰ বাবে সমষ্টি উন্নয়ন পুঁজি অতি গুৰুত্বপূৰ্ণ। এই ধনৰাশিৰে জনপ্ৰতিনিধি গৰাকীয়ে সমষ্টিটোৰ উন্নয়নমূলক কাম আগবঢ়াই নিবলৈ সক্ষম হয়। কিন্তু চলিত বিত্তীয় বৰ্ষ শেষ হবলৈ মাজত মাথো তিনিটা মাহত বাকী। ইফালে সমষ্টিবাসীৰ ক্ষোভৰ সন্মুখীন হোৱা বিধায়ক সকলে উত্তৰ দিবলৈকো বাট বিচাৰি পোৱা নাই। ইয়াৰ বিপৰীতে চৰকাৰে বিকাশৰ টোপোলা লৈ জিলাই জিলাই আধাৰশিলা, উন্নয়নৰ ঘোষনাৰ নৈ বোৱাইছে। একাংশ বিধায়কে সমষ্টি উন্নয়নৰ পুঁজি পোৱাৰ আশাত বহু কামৰ প্ৰস্তাব জিলা উপায়ুক্তৰ হাতত জমা দিছিল যদিও ফাইলতে বন্দী হৈ আছে প্ৰস্তাব সমূহ।

পূৰ্বে সৰ্বানন্দ সোণোৱাল চৰকাৰে বিধায়কৰ সমষ্টিৰ পুঁজিৰ ধন দুটা কিস্তিত মোকোলাই দিছিল যদিও বৰ্তমানৰ চৰকাৰখনে বিষয়টোৰ ক্ষেত্ৰত উদাস হৈ আছে। চৰকাৰৰ এনে কাৰ্যৰ বাবে স্বয়ং শাসনাধিষ্ঠিত দলটোৰ বিধায়কৰ মাজত ক্ষোভৰ উকমুকনি জ্বলি থকা পৰিলক্ষিত হৈছে। ৰাজনৈতিক মহলত চৰ্চিত বিষয়টোৱে যথেষ্ট গুৰুত্ব পোৱাৰ লগতে এনেকাৰ্যই দলটোৰ ক্ষতি কৰাৰ আশংকা প্ৰকাশ কৰিছে।

Related Articles