অম্বা- যামিনী ন্যাসৰ উদ্যোগঃ ভেৰগাঁৱৰ কাকাৰামাৰীত নাট্যগ্ৰন্থৰ সংকলন উন্মোচন

২০২২ বৰ্ষৰ অন্তিম ক্ষণত আজি ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ কাকাৰামাৰীত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত অম্বা যামিনী ন্যাসে প্ৰকাশ কৰি উলিওৱা এখন নাট্যগ্ৰন্থৰ সংকলন উন্মোচন কৰা হয় ।

চেউনী কাকাৰামাৰীস্হিত  তক্ষশীল বিশ্ববিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মিন্টু ডেকা ৰচিত নাট্যগ্ৰন্থৰ সংকলনখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট সাংবাদিক তথা ‘ৰহস্য’ৰ মুখ্য সম্পাদক বাবু ৰাভা হাকাচামে । একাংকিকা নাট ‘পুনৰ প্ৰতিজ্ঞা’ আৰু শিশু নাটিকা ‘চুপাৰ হিৰ’ নামৰ দুখনকৈ বাস্তৱ ধৰ্মী নাটৰ সংকলন গ্ৰন্থ খন উন্মোচন কৰি হাকাচামে কবি, লেখিকা মিন্টু ডেকাৰ নাট্য সাধনাৰ প্ৰয়াসক প্ৰশংসা কৰে ।

নাট্য সাহিত্য আৰু নাট্য চৰ্চাৰ বিভিন্ন দিশ উল্লেখ কৰি উদীয়মান নাট্য শিল্পী সকলক একাগ্ৰতাৰে সাধনাত ব্ৰতী হ’বলৈ তেওঁ আহ্বান জনায় । তক্ষশীলা বিশ্ববিদ্যালয়, কাকাৰামাৰীৰ সঞ্চালক তথা নাট্যাচাৰ্য পখিলা কলিতাই আঁত ধৰা উক্ত গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ, পৰিচালক তাৰিণী ৰঞ্জন ডেকা, গ্ৰন্থকাৰ মিন্টু ডেকা,  অঞ্চলটোৰ বিশিষ্ট নাগৰিক নাৰায়ণ ৰাভা, জনা ৰাম ৰাভা, ধৰ্মেশ্বৰ ৰাভা, সাংবাদিক গণেশ ডেকা, ধীৰেন মহলীয়াৰ লগতে তক্ষশীলা বিশ্ববিদ্যালয়, কাকাৰামাৰীৰ বিষয় ববীয়া, অভিনয় শিল্পী, কলা -কুশলী সকল উপস্থিত থাকে ।

উল্লেখ্য যে নাট্যাচাৰ্য পখিলা কলিতাৰ মাতৃ সমাজ হিতৈষী মহিলা যামিনী কলিতাৰ দ্বাদশ মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা গ্ৰন্থ উন্মোচনী সভাৰ আৰম্ভণিতে জিয়ৰী পখিলা কলিতাই প্ৰয়াত যামিনী কলিতাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰাৰ লগতে অনুষ্ঠানত উপস্থিত থকা ব্যক্তি সকলে পূষ্পাঞ্জলী নিবেদন কৰে।

■অৰূপ বড়ো

Related Articles