গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ বালিচৰ আকৰ্ষণীয় ৰূপত সজাই তুলিছে পৰ্যটন বিভাগে। নৱবৰ্ষৰ পহিলা দিনটোৰ পৰাই গুৱাহাটীত আৰম্ভ ‘ব্ৰহ্মপুত্ৰ কাৰ্নিভেল’।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে এই অনুষ্ঠানৰ। মুকলিৰ পিছতে অনুষ্ঠান পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰীয়ে। ব্ৰহ্মপুত্ৰ কাৰ্নিভেলতে কেক কাটি নৱবৰ্ষও উদযাপন কৰে মুখ্যমন্ত্ৰীয়ে।
আগন্তুক ৩-৪ মাহলৈ ব্ৰহ্মপুত্ৰৰ বালিচৰত চলিব এই অনুষ্ঠান। বিবাহ অনুষ্ঠান, জন্মদিন বা অন্যান্য অনুষ্ঠানৰো আয়োজন কৰাৰ অনুমতি দিয়া হৈছে উমানন্দ মন্দিৰৰ সমীপতে থকা ব্ৰহ্মপুত্ৰৰ বালিচৰত।
উল্লেখ্য, এই মহোৎসৱলৈ যোৱাৰ বাবে যাতায়াতৰ সু-ব্যৱস্থা কৰিছে পৰ্যটন বিভাগ আৰু IWTয়ে । ফাঁচীবজাৰৰ ৰজাদুৱাৰ ঘাটৰ পৰা প্ৰতিদিনে পুৱা ১০ বজাৰ পৰা নিশা ৯ বজালৈকে চলিব ফেৰী সেৱা। অসমৰ থলুৱা,পৰম্পৰাগত খাদ্যসম্ভাৰ,সাজপাৰ আদিৰ বহু বিপণী থাকিব মহোৎসৱথলীত।
নৌকা বিহাৰ, হাতী ছাফাৰী, ঘোঁৰা ছাফাৰী, জীপ লাইনিং, এৰ’ স্পৰ্টছ আদিৰো অভিজ্ঞতা ল’ব পাৰিব সকলোৱে। ব্ৰহ্মপুত্ৰৰ বালিচৰক কেন্দ্ৰ কৰি পৰ্যটকক আকৰ্ষিত কৰাৰ বাবে ৰাজ্য চৰকাৰে হাতত লৈছে এই পদক্ষেপ।

