বিদেশত আকাশী যুদ্ধৰ অংশ হিচাপে আই এ এফৰ অৱনী চতুৰ্বেদী প্ৰথমগৰাকী মহিলা পাইলট…

ভাৰতীয় বায়ুসেনাৰ চুখোই-৩০এমকেআই স্কোয়াড্ৰনৰ নেতৃত্ব দিয়া দেশৰ প্ৰথমগৰাকী মহিলা যুঁজাৰু পাইলট অৱনী চতুৰ্বেদী জাপানৰ সৈতে আকাশী যুদ্ধ খেলত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোৰ অংশ হ’ব।

আকাশী যুদ্ধ খেলত অংশগ্ৰহণৰ বাবে অলপতে জাপানলৈ ৰাওনা হ’ব অৱনী চতুৰ্বেদীয়ে। মহিলা যুঁজাৰু পাইলটসকলে ফ্ৰান্সৰ বায়ুসেনাকে ধৰি বিদেশী দলৰ সৈতে দেশত আকাশী যুদ্ধৰ খেলৰ অংশ হৈ আহিছে যদিও বিদেশী মাটিত ভাৰতীয় যুঁজাৰু বিমানৰ স্কুড্ৰনৰ নেতৃত্ব দিয়া মহিলা বিমান যোদ্ধাগৰাকীৰ এইটোৱেই হ’ব প্ৰথম উদাহৰণ।

‘বীৰ গাৰ্ডিয়ান ২০২৩’ শীৰ্ষক এই অনুশীলন ১৬ জানুৱাৰীৰ পৰা ২৬ জানুৱাৰীলৈ হ্যাকুৰি বায়ুসেনা ঘাটি আৰু ইয়াৰ আশে-পাশে থকা ওমিটামা, আৰু জাপানৰ ছায়ামাৰ ইৰুমা বায়ুসেনা ঘাটিত অনুষ্ঠিত হ’ব।

স্কোয়াড্ৰন নেতা ভৱনা কান্থে আই এ এফৰ দ্বাৰা পৰিচালিত ছু-৩০এম কে আইক থলুৱা অস্ত্ৰ ব্যৱস্থাৰে সজ্জিত অন্যতম শ্ৰেষ্ঠ আৰু মাৰাত্মক মঞ্চ বুলি অভিহিত কৰে।

তেখেতে কয় যে, “ছু-৩০এমকআই হৈছে এক বহুমুখী বহু ভূমিকাক যুদ্ধ বিমান যিয়ে একেলগে বায়ুৰ পৰা মাটিলৈ আৰু বায়ুৰ পৰা বায়ুলৈ দুয়োটা অভিযান সম্পন্ন কৰিব পাৰে। ই উচ্চ আৰু নিম্ন গতিৰে কৌশল সম্পন্ন কৰিব পাৰে।”

Related Articles