Breaking

শিলচৰত উত্তৰ-পূৱ বাংলা লিটল মেগাজিনৰ নৱম সন্মিলন সম্পন্ন

0 84

বৰাক উপত্যকাৰ প্ৰানকেন্দ্ৰ শিলচৰত সম্পন্ন হল উত্তৰ-পূৱ বাংলা লিটল মেগাজিনৰ নৱম সন্মিলন ৷ ৭ আৰু ৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে সম্পন্ন হয় এই সন্মিলন৷ নন্দিনী সাহিত্য আৰু পাঠচক্ৰৰ উদ্যোগত এই সন্মিলত অনুষ্ঠিত হয় বৰাক উপত্যকাৰ চাহ শিল্পৰ অন্যতম ঐতিহ্যমন্ডিত কাছাৰ নেটিভ জইন্ট ষ্টক ষ্টাফ কোম্পানী প্ৰাংগণত৷

৭ জানুৱাৰীত এই সন্মিলনৰ উদ্ধোধন কৰা হয়৷ উদ্ধোধন কৰে ৰবীন্দ্ৰ বিশেষজ্ঞ, ভাষাভাৰতী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° উষাৰঞ্জন ভট্টাচাৰ্য, বাংলা সাহিত্যৰ খ্যাতনামা উপন্যাসিক নলিনী বেৰা আৰু পশ্চিমবংগৰ অন্যতম গল্পকাৰ প্ৰতিভা সৰকাৰে৷


অনুষ্ঠানৰ প্ৰধান অতিথি ড° উষা ৰঞ্জন ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি কয় যে, বৰাক উপত্যকাত সুদীৰ্ঘ কালৰ পৰাই সাহিত্য চৰ্চা চলি আহিছে৷ শত বছৰ পূৰ্বেও বৰাক উপত্যকাত সাহিত্য চৰ্চা তথা সংবাদপত্ৰ প্ৰকাশ পোৱাৰ ইতিহাস পোৱা গৈছে৷ তেওঁ লগতে কয় যে ১৮৮১ চনত হাইলাকান্দিৰ পৰা প্ৰকাশ পাইছিল ’ছাত্ৰসখা’ নামৰ এখন কাকত৷ কলকাতাৰ পৰা আগত বিশিষ্ট উপন্যাসিক নলিনী বেৰা অংশগ্ৰহণ কৰি কয় যে সাহিত্য চৰ্চাত লিটল মেগাজিনৰ ভূমিকা অপৰিসীম৷ লিটল মেগাজিন কেবল সাহিত্য নহয় সংস্কৃতিকো ধৰি ৰাখিছে বুলি তেওঁ কয়।

কলকাতাৰ পৰা আগত আন এগৰাকী সাহিত্যিক অবসৰপ্ৰাপ্ত অধ্যাপিকা প্ৰতিভা সৰকাৰে অংশগ্ৰহণ কৰি কয় যে, সাহিত্যৰ কোনো জাতি ভাষা ধৰ্ম নাই৷ নাৰী-পুৰুষ সকলৰ বাবে সাহিত্যৰ একে স্থান ৷ কিন্তু পুৰুষ তান্ত্ৰিক সমাজ ব্যবস্থাত নাৰী সকল বৰ্তমানেও ন্যায্য সন্মানৰ পৰা বঞ্চিত হৈ আহিছে ৷ নন্দিনী সাহিত্য আৰু পাঠচক্ৰৰ প্ৰধান সচিব ড° সুমিতা ঘোষে অংশগ্ৰহণ কৰি কয় যে সকলোৰ সহযোগিতাত নন্দিনী সাহিত্য আৰু পাঠচক্ৰ ২৩ বছৰ পূৰ্ণ কৰিল ৷ তেওঁ লগতে কয় যে সাহিত্য বিপ্লৱ অটুত ৰখাৰ স্বাৰ্থত শিলচৰ চহৰৰ বুকুত অনুষ্ঠিত কৰা হৈছে এই সন্মিলন৷ উত্তৰ – পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ তথা প্ৰান্তিক অঞ্চলৰ পৰা লিটল মেগাজিন লৈ অহা অহা সকলো সম্পাদক প্ৰতিনিধিক অভিনন্দন জনায় তেওঁ৷ এই উদ্ধোধনী অনুষ্ঠানত অধ্যাপক অমলেন্দু ভট্টাচাৰ্য অংশগ্ৰহণ কৰি বহু যুগ আগৰ উদাহৰণ দাঙি ধৰি মহিলা শিক্ষাৰ ওপৰত আলোকপাত কৰে৷

উক্ত অনুষ্ঠানত নন্দিনী সাহিত্য আৰু পাঠচক্ৰ সম্পাদিকা মঞ্জুৰী হীৰামনি ৰায় , উপদেষ্টা ৰমা পুৰকায়স্থ সহ আৰু কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ উক্ত অনুষ্ঠানতে কন কন শিশু সকলে উলিওৱা প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰে জ্যেষ্ঠ সাংবাদিক তথা লিখক উদয়ণ বিশ্বাসে৷ ৮ জানুৱাৰী সন্মিলনৰ দ্বিতীয় দিনা সম্বৰ্ধনা অনুষ্ঠান, আলোচনা সভা , বিতৰ্ক সভা , সম্পাদকীয় বৈঠক , আৰু কবিতা পাঠ আদি কাৰ্যসূচী অনুষ্ঠিত হয় ৷ উল্লেখ্য যে দুদিনীয়া এই সন্মিলনত উত্তৰ-পূৰ্বাঞ্চলৰ অসম , ত্ৰিপুৰা , মেঘালয় আৰু নাগালেণ্ডৰ শতাধিক ক্ষুদ্ৰ আলোচনী তথা সম্পাদকে অংশগ্ৰহণ কৰিছিল ৷ ইয়াৰে অন্যতম হৈছে একা আৰু কয়েকজন , মুখাবয়ৰ , নাইন্থ কলাম , মানৱী , ফোটামাটি , আলাপ আদি ।

Leave A Reply