Breaking

টংলাত পাষণ্ড স্বামীয়ে মাৰি গোপনে পুতিলে নিজ পত্নীক! প্ৰায় ১২ দিনৰ অন্তত উদ্ধাৰ মৃতদেহ

0 45

ওদালগুৰি জিলাৰ টংলা থানাৰ অন্তৰ্গত বগপুৰি গাঁ‌ৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। নিজ স্বামীয়ে হত্যা কৰি পত্নীক নিজৰ ঘৰতে পুতি থোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে।

স্বামীয়ে পত্নীক হত্যা কৰি বিগত ১২ দিনে নিখুঁত অভিনয় কৰি ৰাইজৰ লগত পত্নী অনিশা বসুমতাৰীক বিচাৰি ফুৰাৰ অভিনয় কৰা বুলিও উত্থাপন হৈছে অভিযোগ।

কিন্তু বিগত প্ৰায় দুসপ্তাহৰ নাটকৰ অন্তত গাঁৱৰ ৰাইজৰ তৎপৰতাত হত্যাকাৰী মনোৰঞ্জন নাৰ্জাৰী ওৰফে গালা নাৰ্জাৰীয়ে খৈৰাবাৰী থানাত আত্মসমৰ্পণ কৰে।

উল্লেখ্য যে যোৱা ৭ জানুৱাৰি অৰ্থাত শনিবাৰ নিশা নিজ পত্নী অনিশা বসুমতাৰীক হত্যা কৰি ঘৰৰ পিছফালে গোপনে পুতি থৈছিল স্বামী গালা নাৰ্জাৰীয়ে।

পত্নীৰ মাকৰ ঘৰৰ পৰিয়ালে অনিশাক যোগাযোগ কৰি নোপোৱাত যোৱা ১৪ জানুৱাৰিৰ দিনা কোকৰাঝাৰ জিলাৰ পৰা টংলাৰ অনিশাৰ ঘৰলৈ আহিছিল আৰু তেতিয়াই অনিশা নিৰুদ্দেশ হোৱা বুলি গাঁৱৰ ৰাইজে জানিব পাৰে।

দীৰ্ঘদিন ধৰি অনিশা বসুমতাৰী সন্ধানহীন হৈ থকাত বুধবাৰ অৰ্থাৎ ১৮ জানুৱাৰিৰ দিনা গাঁৱৰ ৰাইজ, অনিশা বসুমতাৰীৰ পৰিয়াল আৰু স্থানীয় ছাত্ৰ সংগঠন এবছুৱে ত্ৰিপাক্ষীক বৈঠক অনুষ্ঠিত কৰি ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে।

ইয়াৰ পিছতে হত্যাকাৰী স্বামী গালা নাৰ্জাৰীয়ে খৈৰাবাৰী থানাত নিজেই গৈ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে বুলি জানিব পৰা গৈছে।

ঘটনাৰ পিছতে বৃহস্পতিবাৰে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰিলৈ প্ৰেৰণ কৰি হত্যাকাৰীৰ বিৰুদ্ধে গোচৰ ৰজু কৰি তদন্ত আৰম্ভ কৰে।

স্থানীয় লোকে জনোৱা তথ্য অনুসৰি পাঁচ বছৰ পূৰ্বে কোকৰাঝাৰ জিলাৰ চেৰাফাংগুৰিৰ অনিশা বসুমতাৰীৰ সৈতে বিবাহ পাশত আবদ্ধ হৈছিল টংলা বগপুৰি নিবাসী গালা নাৰ্জাৰী।

Leave A Reply