টেঙাখাত তেলপানীত বাঘৰ মৃতদেহ উদ্ধাৰ

টেঙাখাত তেলপানী নদী ঘাটৰ সমীপত শনিবাৰে পুৱাৰ ভাগতে বন বিভাগে এটা নাহৰ ফুটুকী বাঘৰ মৃতদেহ উদ্ধাৰ কৰা পৰিলক্ষিত হয়৷

জানিব পৰা মতে পুৱা ১০ মান বজাত স্থানীয় ৰাইজে নদীৰ কাষৰ এটা নলাত বাঘটোৰ মৃতদেহ প্ৰতক্ষ্য কৰি গাঁওবুঢ়াৰ লগতে বন বিভাগক খবৰ দিয়ে।

আৰু পৰৱৰ্তী সময়ত খণ্ড বন বিষয়া আফটাব খানৰ নেতৃত্বত যোৱা এটা বনকৰ্মীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ বাঘটোৰ মৃতদেহ উদ্ধাৰ কৰি পশু চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰি তেলপানী বনাঞ্চলত শেষকৃত্য সম্পন্ন কৰে।

Related Articles