৬ষ্ঠ পেঞ্চাক চিলাট ফেডাৰেশ্ব্যন কাপ ২০২২-২৩ ত পদক অৰ্জ্জন অসমৰ দুই কন্যা

যোৱা ১৯ ৰ পৰা ২২ জানুৱাৰী ২০২৩ ত গোৱাত অনুস্থিত ৬ষ্ঠ পেঞ্চাক চিলাট ফেডাৰেশ্ব্যন কাপ:২০২২-২৩ ত গোলাঘাট জিলাৰ প্ৰেৰণা হাজৰীকা আৰু শোণিতপুৰ জিলাৰ ঝৰ্ণা বৰ্মণে অসমক প্ৰতিনিধিত্ব কৰিছিল। মাত্ৰ দুগৰাকী খেলুৱৈয়ে ৰাজ্যখনক প্ৰতিনিধিত্ব কৰা দুয়োগৰাকীয়ে পদক অৰ্জ্জন কৰি পুনৰবাৰ অসমৰ মান বৃদ্ধি কৰিলে। প্ৰেৰণা হাজৰিকাই ৰূপৰ পদক আৰু ঝৰ্ণা বৰ্মণে ব্ৰঞ্জৰ পদকেৰে অসমৰ নাম উজলালে।

উল্লেখ্য যে সদ্যসমাপ্ত ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসম দলটিৰ বিপুল সফলতাৰ পিছত ফেডাৰেশ্ব্যন কাপত পদক অৰ্জ্জনে দুয়োগৰাকী প্ৰতিভাৱান খেলুৱৈক অসমৰ বিভিন্ন দল-সংগঠনৰ অনেক শুভাকাঙ্খীয়ে অভিনন্দন জ্ঞাপন কৰিছে বুলি অসম পেঞ্চাক চিলাট এছ’চিয়েশ্ব্যনৰ সাধাৰণ সম্পাদক আৰু কাৰিকৰী সঞ্চালক লক্ষ্যজিত দলে জানিব দিয়ে।

Related Articles