স্বচ্ছ ভাৰত অভিযানৰ অন্তৰ্গত প্ৰাক গণতন্ত্ৰ দিৱস উপলক্ষে জয়মতী নগৰ উন্নয়ন সমিতি আৰু টাইনি টটছ্ স্কুলৰ সহযোগত মঙ্গলবাৰে জয়মতী নগৰত এক চাফাই অভিযান কাৰ্যসূচীৰ আয়োজন কৰা হয়। উক্ত চাফাই অভিযানত সমূহ জয়মতী নগৰবাসীৰ লগতে মৰিয়নি পৌৰসভাৰ সভানেত্ৰী বিশ্বপ্ৰভা শইকীয়া, উপ-সভাপতি প্ৰদীপ দাস আৰু ২নং ৱাৰ্ডৰ ৱাৰ্ড কমিছনাৰ শঙ্কৰ চক্ৰৱৰ্তীয়ে অংশগ্ৰহণ কৰে।
এই কাৰ্যসূচীৰ আৰম্ভনিৰ প্ৰাকমুহুৰ্ত্বত টাইনি টট্ছ স্কুলৰ প্ৰাঙ্গনত অনুষ্ঠিত এক অনুস্থানত পৌৰসভাৰ সভানেত্ৰী,উপ পৌৰপতি, ২নং ৱাডৰ ৱাড কমিছনাৰ আৰু টাইনি টট্ছ স্কুলৰ অধক্ষাক সম্বৰ্ধনা জনোৱা হয়। উক্ত অনুষ্ঠানতেই পৌৰসভাৰ চাফাই কৰ্মী সকলক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
মৰিয়নিৰ পৰা কৃষ্ণ প্ৰসাদ শৰ্মাৰ প্ৰতিবেদন