Breaking

নগাঁৱত অত্যাধুনিক সা- সুবিধা সম্পন্ন ব্ৰেথ ওৱেলছেন চেন্টাৰ মুকলি

0 288

নগাঁও চহৰৰ আনন্দ ৰাম ঢেকীয়াল ফুকন দলং আৰু নাইটিংগেল ৰেষ্টুৰেণ্টৰ সমীপৰ এ টি ৰোডৰ কাষতেই চমাদাৰপট্টিত স্থাপন কৰা ব্ৰেথ ওলেলনেছ চেন্টাৰ আৰু মালটি ছুপাৰ ইস্পিছিলিয়েতি প্ৰতিষ্ঠান খনত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদান কৰা হয়৷

এই চিকিৎসা প্ৰতিষ্ঠানখনত ক্ৰমে সকলোৰে পৰিচিত তথা মগজু ,স্পাইন আৰু নিউৰো চাৰ্জন ডাঃ চন্দন সৰকাৰ, মেডিচিন বিষেশজ্ঞ ডাঃ ৰবাটচন টিমোং, জেনেৰেল আৰু লেপাৰস্ক, পিক ছাৰ্জন ডাঃ হুছনি মোৱাৰক আকণ্ড, নাক, কান আৰু ডিঙি বিশেষজ্ঞ ডাঃ জিয়াউল হক, প্ৰসুতি আৰু স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ উমমে বিলকিছ আহমেদ, দাতৰ বিশেষজ্ঞ ক্ৰমে ডাঃঋষিজিৎ শইকীয়া, ডাঃ মনমী হাজৰিকা,টি.বি আৰু বুকুৰ বিশেষজ্ঞ ডাঃ অভিকেষ আগৰৱালৰ উপৰিও আৰু ভিন্ন ৰোগৰ বিশেষজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে৷

তাৰোপৰি চিকিৎসালয়খনত পৰীক্ষাগাৰ, অত্যাধিক সুবিধাসম্পন্ন ডাক্তৰ চেম্বাৰ ২৪ ঘন্টাই ৰাইজৰ সেৱা প্ৰদান কৰি অহা ফাৰ্মাচীকে ধৰি বিভিন্ন সুবিধা উপলব্ধ থকা বুলি চিকিৎসালয় খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়াৰ লগতে সকলোৰে সহায়-সহযোগিতা কামনা কৰিছে৷

Leave A Reply