Breaking

বাৰেচহৰীয়া ভাওনাত প্ৰদৰ্শিত হ’ব ২১ খন ভাওনা; গোৰ্খা আৰু আদিবাসী সমাজেও প্ৰদৰ্শন কৰিব ভাওনা…

0 102

দেশৰ ভিতৰতে একক বৃহৎ সামাজিক সাংস্কৃতিক অনুষ্ঠান হিচাপে পৰিচিত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা অহা ৬ মাৰ্চৰ পৰা চাৰিদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হব৷ ২১ খন খলাত ২৭ টাকৈ বিভিন্ন ধৰ্মীয় পন্থাই অনুষ্ঠিত কৰিব শংকৰী নাট-ভাওনা৷

এই উদ্দেশ্যৰে বৃহস্পতিবাৰে নিশা জামুগুৰিহাটৰ ২১টা বিভিন্ন ধৰ্মীয় উপাসনা গৃহত শংকৰী ৰীতি নীতিৰে ভাওনাৰ নাট মেলা হয়৷

এইবাৰ বাৰেচহৰীয়া ভাওনাত আদিবাসী,গোৰ্খা সমাজৰ লগতে মিচিং সমাজেও ভাওনা প্ৰদৰ্শন কৰিব।

বৰদিকৰাই মিচিং কীৰ্তন গৃহত মিচিং ধৰ্মাৱলম্বী লোক সকল একত্ৰিত হৈ শংকৰী ৰীতি নীতিৰে ভাওনাৰ নাট মেলে৷

বৰদিকৰাই মিচিং সমাজে এইবেলি ১৫ নং খলাত অনুষ্ঠিত কৰিব “সীতা হৰণ বালি বধ” নাট ভাওনা৷

সেইদৰে গোৰ্খা আৰু আদিবাসী সমাজেও বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ বাবে নাট মেলি ইতিমধ্যেই আখৰা আৰম্ভ কৰিছে। যি সময়ত অসমীয়া সমাজখনত ধৰ্মীয় অসহিষ্ণুতাই দেখা দি আহিছে, সেই সময়ত জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনাই বিভিন্ন ধৰ্ম্বাৱলম্বী লোকৰ মাজত সৃষ্টি কৰা এই সম্প্ৰীতিয়ে সমাজলৈ ইতিবাচক বাৰ্তা কঢ়িয়াই আনিব বুলি মন্তব্য কৰে সচেতন মহলে৷

Leave A Reply