কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নান্দনিক দৃশ্য বন্দী গাইডৰ কেমেৰাত; ঢেকীয়াপতীয়া বাঘৰ নয়নাভিৰাম দৃশ‍্য

নগাঁও আৰু গোলাঘাট জিলাত অৱস্থিত ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। পৃথিৱীৰ প্ৰায় দুই তৃতীয়াংশ এক খড়্গযুক্ত গঁড়ৰ বাসস্থান হৈছে কাজিৰঙা। কাজিৰঙাতেই সংৰক্ষিত বনাঞ্চলসমূহৰ ভিতৰত সৰ্বাধিক ঘনত্বৰে ঢেকীয়াপতীয়া বাঘ পোৱা যায়। ২০০৬ চনত কাজিৰঙাক বাঘ সংৰক্ষণ ক্ষেত্ৰ হিচাপেও স্বীকৃতি দিয়া হয়।

এই উদ্যানখন হাতী, ম’হ আৰু দল হৰিণৰ এক বৃহৎ প্ৰজনন ক্ষেত্ৰ। ‘আন্তৰাষ্ট্ৰীয় পক্ষীজীৱন’ সংস্থাই কাজিৰঙাক পক্ষীকূলৰ সংৰক্ষণৰ বাবে ‘গুৰুত্বপূৰ্ণ পক্ষী ক্ষেত্ৰ’ বুলিও স্বীকৃতি দিছে। ভাৰতৰ অইন উদ্যানসমূহৰ তুলনাত কাজিৰঙাত বন্যজীৱ সংৰক্ষণত উল্লেখযোগ্য সফলতা লাভ কৰা গৈছে।

উল্লেখযোগ‍্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পৰ্যটকৰ বাবে আছে বিশেষ ব্যৱস্থা৷ হাতী আৰু জীপ গাড়ীৰে অৰণ্য দৰ্শনলৈ লৈ যোৱা হয় পৰ্যটকক৷ বন্যপ্ৰাণী দৰ্শন আৰু পক্ষী দৰ্শনৰ বাবে প্ৰতি বছৰে দেশ-বিদেশৰ পৰা আহে বহু পৰ্যটক ৷ প্ৰকৃতিৰ মনোমোহা দৃশ্য দেখি আল্পুত হৈ পৰে প্ৰতিগৰাকী পৰ্যটক। ইফালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা প্ৰতিগৰাকী পৰ্যটক সন্মুখীন হয় ভিন্ন অভিজ্ঞতাৰো।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অভিজ্ঞতা প্ৰতিজন লোকৰ বাবেই হৈ পৰে সুকীয়া, অনন্য অভিজ্ঞতা৷ কেতিয়াবা যদি বাঘৰ গহীন গম্ভীৰ চলন দেখি ৰোমাঞ্চিত হয় কেতিয়াবা আকৌ গঁড়ৰ তয়াময়া যুঁজ দেখি শিহৰিত হৈ পৰে পৰ্যটক। আন কেতিয়াবা আকৌ গঁড় আৰু হাতীয়ে পৰ্যটকৰ জীপলৈ চোঁচা লোৱা দৃশ্যও দেখিবলৈ পোৱা যায়।

অৱশ্যে জীপ চাফাৰিলৈ চোঁচা ল’লেও পৰ্যটকক কোনো ধৰণে হতাহত কৰিব নোৱাৰে যদিও কিছু পৰিমাণে হ’লেও শিহৰিত হৈ পৰে পৰ্যটক। এইবাৰ পুনৰ বিলৰ পাৰত এটা প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘে বিশ্ৰাম কৰা নয়নাভিৰাম দৃশ্যই আল্পুত কৰিছে পৰ্যটকক৷ প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘটোৰ দৃশ্য কেমেৰাত বন্দী কৰিছে টুৰিষ্ট গাইডে৷ টুৰিষ্ট গাইড আনাৰ হুছেইনৰ কেমেৰাত বন্দী হৈছে বাঘৰ এই মনোমোহা দৃশ্য।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ এখন বিলৰ পাৰত জিৰণি লৈ আছিল প্ৰকাণ্ড ঢেঁকীয়াপতীয়া বাঘটোৱে। কলিয়াবৰ মহকুমা অন্তৰ্গত বাগৰি বনাঞ্চলত পৰ্যটকৰ এটি দলে নিচেই কাষৰ পৰা বাঘটো প্ৰত্যক্ষ কৰি আনন্দিত হোৱাৰ লগতে ৰোমাঞ্চিত হৈ পৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এনে মনোমোহা দৃশ্যই এতিয়া হাত বাউলি মাতিছে পৰ্যটকক।

Related Articles