নগাঁও জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত ১১ ফেব্ৰুৱাৰীত “বনহংস”ৰ উদ্যোগত আৰু নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ ১৯৭৯ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ প্ৰাক্তন ছাত্র গোট “আমি-৭৯” ৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা “আপোন মানুহ” শীৰ্ষক নাটখনিৰ দ্বিতীয়টো দিনৰ প্ৰদৰ্শনীৰ কালি সন্ধিয়া মঞ্চ উদ্বোধন কৰে নগাঁও সদৰ সমষ্টিৰ বিজেপিৰ বিধায়ক ৰূপক শৰ্মাই।

আনহাতে চামগুৰি সমষ্টিৰ কংগ্ৰেছী বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে উক্ত নাটকত এক বিশেষ চৰিত্ৰত অভিনয় কৰে। আনহাতে নাটখনিৰ কেইবাটাও নাট্যমুহূৰ্ত্ত উপভোগ কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শর্মাই।
উল্লেখ্য যে, আমি ৭৯’ৰ দুগৰাকীকৈ সতীৰ্থ ক্ৰমে প্ৰয়াত তপন বৰুৱা আৰু জ্যোতিৰ্ময় গোস্বামীৰ স্মৃতিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ একালৰ সহপাঠীসকলে দুদিনীয়া কাৰ্যসূচীৰে এই বিশেষ নাট্যানুষ্ঠানৰ আয়োজন কৰে।
কালি সন্ধিয়া ‘আপোন মানুহ’ নাটৰ মঞ্চ উদ্বোধন কৰি বিধায়ক ৰূপক শর্মাই এসময়ত নিজে অধ্যয়ন কৰা নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ গোট আমি ৭৯’ৰ এনে প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে প্ৰিয় বন্ধুৰ স্মৃতিত একালৰ সহপাঠীৰ এনেধৰণৰ উদ্যোগ সঁচাকৈ প্ৰশংসনীয় বুলি মন্তব্য কৰে।
উল্লেখ্য যে আমি ৭৯’ৰ অন্যতম সদস্য বিশিষ্ট নাট্য শিল্পী প্ৰাণজিৎ গোস্বামীয়ে পৰিচালনা কৰা ‘আপোন মানুহ’ নাটকখনত অভিনয় কৰা শিল্পীসকল হৈছে ক্ৰমে মুকুট ৰঞ্জন শইকীয়া(পৰশু), দেৱজিৎ মজুমদাৰ(পুতুল), উৎপলা বৰুৱা(নিভা), ৰিয়া গোস্বামী(গোলাপী), সঞ্জীৱ কুমাৰ বৰা( নীলু), তমাচ ভূঞা (অজয়), ৰকিবুল হুছেইন ( সত্য), জ্ঞানজ্যোতি শর্মা( প্ৰথম ব্যক্তি),’দেৱজিৎ ভূঞা (দ্বিতীয় ব্যক্তি) আৰু গালিব শইকীয়া(ডাক্তৰ)।

আনহাতে নাটকখনৰ নাট্য উপদেষ্টা হৈছে বিশিষ্ট নাট্য শিল্পী জিতেন্দ্ৰনাথ বৰা, পোহৰ পৰিকল্পনাত পাৰ্থ প্ৰতীম বৰা, সংগীত ব্যৱস্থাপনাত মনদ্বীপ মহন্ত, মঞ্চ সজ্জাত হৰজিৎ সিং আৰু ৰূপ সজ্জাত প্ৰশান্ত বৰা। উল্লেখ্য যে ‘আপোন মানুহ’ নাটখনৰ বিভিন্ন চৰিত্ৰত আমি ৭৯’ৰ গৰিষ্ঠ সংখ্যক সদস্যই অভিনয় কৰাৰ লগতে চৰিত্ৰ খাতিৰত আন কেইবা গৰাকী শিল্পীয়ে অভিনয় কৰে। দুটাকৈ নিশা নগাঁও জিলা পুথিভঁৰালত মঞ্চস্হ হোৱা উক্ত নাটকে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়।

আনহাতে একালৰ দুই সহপাঠী তপন বৰুৱা আৰু জ্যোতিৰ্ময় গোস্বামীৰ স্মৃতিত আমি ৭৯’ৰ অন্যতম সদস্য জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা ‘স্মৃতিকথা’ শীৰ্ষক স্মৃতি গ্ৰন্হখন ১১ ফেব্ৰুৱাৰীৰ সন্ধিয়া আয়োজিত স্মৃণিচাৰণ অনুষ্ঠানত উন্মোচন কৰে বিশিষ্ট বিজ্ঞানী, সাহিত্যিক ড০ পদ্মপানী মহন্তই। উক্ত স্মৃতি চাৰণ অনুষ্ঠানত প্ৰয়াত তপন বৰুৱাৰ সহধৰ্মিণী ইলু বৰুৱা আৰু প্ৰয়াত জ্যোতিৰ্ময় গোস্বামীৰ সহধৰ্মিণী গায়ত্ৰী গোস্বামীয়ে নিজ নিজ স্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধা নিবেদন কৰে।

