Breaking

যাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ ৰহা টোলগেটৰ তিনি কৰ্মচাৰী

0 97

অসম আৰক্ষীয়ে আজি ৰাজ্যৰ ৰহা চহৰত সামান্য কাজিয়াত যাত্ৰীক প্ৰহাৰ কৰাৰ অভিযোগত টোলগেটৰ তিনিজন কৰ্মচাৰীক আটক কৰে।

আটকাধীন যুৱককেইজনৰ নাম শংকৰ কুমাৰ, বিপুল বৰদলৈ আৰু জয়ন্ত গগৈ।

অসমৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে ঘটনাৰ খবৰ লৈ নগাঁও আৰক্ষীক দোষীৰ বিৰুদ্ধে বৈধ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে৷

অসমৰ ডিজিপিৰ নিৰ্দেশমৰ্মে কাম কৰি নগাঁও আৰক্ষীয়ে মাৰ্চত আটক কৰে তিনিজন অভিযুক্তক।

যোৱা ২৮ ফেব্ৰুৱাৰীত সংঘটিত হোৱা এই ঘটনাত টোলগেটৰ কৰ্মচাৰীয়ে তেওঁলোকৰ মাজত হোৱা সামান্য কাজিয়াত প্ৰহাৰ কৰাৰ ফলত কমেও তিনিজন লোক আহত হৈছিল।

সূত্ৰ অনুসৰি, তিনিজন ব্যক্তিয়ে ৰহা টোলগেট পাৰ হৈ যোৱাৰ সময়তে টোলগেটৰ কৰ্মচাৰীয়ে তেওঁলোকক টোলগেটৰ মাচুল বিচাৰি ৰখাই দিয়ে।টোল কৰ প্ৰদান কৰা ৰচিদ বিচৰাৰ বাবে বাহনখনৰ আৰোহীক টোলগেট কৰ্মচাৰীয়ে আক্ৰমণ কৰাৰ কৰে৷

হোজাইৰ পৰা অহা মৌলানা ফাৰুক আহমেদ, মুস্তাফা আহমেদ আৰু ৰাইহান আহমেদ নামৰ তিনিজন আহত ব্যক্তিক নগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়।

Leave A Reply