Breaking

শ্ৰীৰামপুৰ ব্লক কংগ্ৰেছ সমিতিৰ উদ্যোগত হাউৰীয়াপেট বজাৰত “হাত সে হাত জোড়ো” অভিযান

0 65

শ্ৰীৰামপুৰ ব্লক কংগ্ৰেছৰ সমিতিৰ উদ্যোগত হাউৰীয়াপেটত হাত সে হাত জোড়ো কাৰ্যসূচী পালন কৰে।

শ্ৰীৰামপুৰ ব্লক কংগ্ৰেছ সমিতিৰ সকলো মণ্ডল সমিতি, বুথ সমিতি তথা কোকৰাঝাৰ জিলা ক‍ংগ্ৰেছ কমিটিৰ অন্তৰ্গত সকলো নেতৃবৃন্দই উক্ত কাৰ্য্যসূচীত অংশ গ্ৰহণ কৰে।

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰীয়ে কয় “বৰ্তমান সময়ত গোটেই ভাৰতবৰ্ষত ধৰ্মীয় মেৰুকৰণক লৈ যি হিংসা নিন্দা চলি আছে সেই হিংসা নিন্দাক নিশেষ কৰাৰ কাৰণে কংগ্ৰেছ দলে এই হাত সে হাত জোড়ো অভিযান অব্যাহত ৰাখিছে আৰু দিনক দিনে নিত্য নতুন কৌশল অৱলম্বন কৰি সকলো শ্ৰেণীৰ লোকসকলৰ লগত একত্ৰিত হৈ এই যাত্ৰা আৰম্ভ কৰিছে৷ সমগ্ৰ ভাৰতবৰ্ষৰ জনতাই কংগ্ৰেছ দলৰ এই নিত্য নতুন পৰিকল্পনাক আঁকোৱালি লৈ এই হাত সে হাত জোড়ো যাত্ৰাত অংশ গ্ৰহণ কৰিছে”।

আজি হাত সে হাত জোড়ো যাত্ৰা কাৰ্য্যসূচীত উপস্থিত থাকে কোকৰাঝাৰ জিলা কংগ্ৰেছ সমিতিৰ সভাপতি প্ৰানজিৎ বসুমতাৰী, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক গৰ্জন মুছাহাৰী, কোকৰাঝাৰ জিলা কংগ্ৰেছ সমিতিৰ উপ সভাপতি আলম শ্বেখ, বিশ্বনাথ পোদ্দাৰ, কোকৰাঝাৰ জিলাৰ কংগ্ৰেছ কমিটিৰ মুখ পাত্ৰ আব্দুল বাৰেক আহামেদ, কোকৰাঝাৰ জিলা মহিলা কংগ্ৰেছ সমিতিৰ সভানেত্ৰী সোনামুনী মুৰ্মু, হেলেন মুৰ্মু সহ শ্ৰীৰামপুৰ ব্লক কংগ্ৰেছ সমিতিৰ সকলো পৰ্যায়ৰ নেতা কৰ্মী সকল উপস্থিত থাকে।

Leave A Reply