ঢেকীয়াজুলিত সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ পৰ্যালোচনা সভা

ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ মিঠাআম বঙালী গাঁৱৰ দয়াল দাস পানিকা প্ৰেক্ষাগৃহত আজি সদৌ চাওঁতাল ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ এখনি গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হয়৷

উল্লেখ্য যে চাওঁতাল জনগোষ্ঠীৰ শৈক্ষিক,সামাজিক,বৌদ্ধিক আৰু বিভিন্ন জলন্ত সমস্যাক লৈ আজি সংগঠনটোৱে উক্ত পৰ্যালোচনা সভাখনি অনুষ্ঠিত কৰে৷ আজি বিয়লি দুই বজাৰ পৰা অনুষ্ঠিত কৰা পৰ্যালোচনা সভাখনিত সংগঠনটোৱে বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷

মিঠাআম বঙালী গাঁৱৰ দয়াল দাস পানিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা আজিৰ পৰ্যালোচনা সভাখনিত সদৌ চাওঁতালী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক বীৰেন চৰেন, কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক উত্তম মুৰ্মু, সংগঠনটোৰ শোণিতপুৰ জিলাৰ প্ৰাক্তন উপ সভাপতি মতিলাল হাচদা,সাংগঠনিক সম্পাদক প্ৰদীপ বেছৰা, সাংস্কৃতিক সম্পাদক চহেন মুৰ্মু,প্ৰচাৰ সম্পাদক অজিত চৰেন, সংগঠনটোৰ ঠেলামৰা আঞ্চলিক সমিতিৰ সম্পাদক তপন চৰেন, মিছামাৰী আঞ্চলিকৰ সম্পাদক চুকলাল হেমৰম, গড়মাৰা আঞ্চলিক সমিতিৰ সভাপতি দেৱনাথ টুডু, সম্পাদক হলেশ্বৰ মুৰ্মু, হুগ্ৰাজুলি আঞ্চলিক সমিতিৰ সভাপতি দেৱীলাল চৰেন, সমাজকৰ্মী যোগেন হেমৰমৰ,পৱন মাৰ্ডীৰ লগতে চাওঁতাল সংগঠনটোৰ  বিষয়ববীয়া সকলৰ উপৰিও সদস্য সকল উপস্থিত থাকে৷

Related Articles