Breaking

জয়মতীৰ জন্মস্থান নাজিৰাৰ মাদুৰিত দুদিনীয়াকৈ উদযাপন ৩৪৪সংখ্যক মহীয়সী জয়মতীৰ স্মৃতি দিৱস…

0 100

আজিৰে পৰা দুদিনীয়াকৈ জয়মতীৰ জন্মস্থান নাজিৰাৰ মাদুৰিত অসম চৰকাৰৰ আহোম জনগোষ্ঠী উন্নয়ন পুঁজি সমিতিৰ উদ্যোগত,জয়মতী স্মৃতি দিৱস স্থায়ী সমিতি,বৃহত্তৰ মাদুৰি,মেছাগড়,মঠিয়াছিগাবাসী আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদ্‌যাপন কৰা হৈছে ৩৪৪সংখ্যক মহীয়সী জয়মতীৰ স্মৃতি দিৱস।৩৪৪সংখ্যক মহীয়সী জয়মতীৰ স্মৃতি দিৱসৰ লগত সংগতি ৩৪৪গৰাকী বিভিন্ন ক্ষেত্ৰৰ বয়োজেষ্ঠ ব্যক্তিয়ে ৩৪৪খনকৈ পতাকা উত্তোলন কৰিছে।

৩৪৪সংখ্যক মহীয়সী জয়মতীৰ স্মৃতি দিৱসৰ লগতি সংগতি ৰাখি আজি সদৌ অসম ভিত্তিত মহীয়সী জয়মতী জীৱনাদৰ্শৰ আধাৰত ৰচিত “জেৰেঙাৰ সতী” নাট প্ৰতিযোগিতা অনুস্থিত হ’ব। মংগলবাৰে এই অনুষ্ঠানত উপস্থিত থাকিব মন্ত্ৰী পিয়ূষ হাজৰিকা। পিয়ূষ হাজৰিকাই ১৩বিঘাকৈ মাটিত জয়মতীৰ স্মৃতিক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰিব।


নাজিৰাৰ পৰা দিলীপ হাজৰিকাৰ প্ৰতিবেদন

Leave A Reply