নগাঁও: ২৯ ছেপ্টেম্বৰ: খেলো ইণ্ডিয়াত পদক প্ৰাপ্ত নগাঁৱৰ খেলুৱৈ সকলক আজি নগাঁৱত আয়োজিত এক অনুষ্ঠানত সম্বৰ্ধনা জনোৱা হয়। নগাঁৱৰ বৰঘাট বাইপাছত থকা ‘চক দে’ প্ৰতিষ্ঠানৰ কাৰ্যালয়ত প্ৰতিষ্ঠানটোৰ বৰ্ষ পুৰ্তিৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানত এই খেলুৱৈ সকলক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত অংশগ্ৰহণ কৰি বিশিষ্ট ক্ৰীড়া সংগঠক তপন দাসে কয় – আমাৰ গ্ৰামাঞ্চলত বহু প্ৰতিভাবান খেলুৱৈ আছে। এই সকলক আমি উলিয়াই আনি প্ৰতিভা বিকাশৰ সুযোগ দিব লাগিব।’ চক দে’ জৰিয়তে আমি প্ৰথমতে নগাঁও জিলাৰ ভিতৰুৱা অঞ্চলৰ খেলুৱৈ সকলক আগবঢ়াই নিয়াৰ প্ৰয়াস কৰিছো। আমি ৰহা সমষ্টিত বিভিন্ন অঞ্চলত থকা খেলুৱৈ সকলক প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকক বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা কৰি দিছো। আজি সম্বৰ্ধিত খেলুৱৈ সকলৰ অধিকাংশই ৰহাৰ। ক্ৰীড়াৰ ক্ষেত্ৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী ড. হিমন্ত বিশ্ব শৰ্মাই লোৱা পদক্ষেপৰ তপন দাসে প্ৰশংসা কৰে। অনুষ্ঠানত নগাঁও জিলাৰ ক্ৰীড়া বিষয়া অতুল বৰা, ক্ৰীড়া সংগঠক উজ্জ্বল কুমাৰ বৰুৱা, নগাঁও প্ৰেছ ক্লাবৰ সভাপতি কনক হাজৰিকা আৰু ‘চক দে’ স্বতাধিকাৰী এছ . এছ সিং আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানতে খেলো ইণ্ডিয়াত স্বৰ্ণ পদক প্ৰাপ্ত গংগোত্ৰী বৰদলৈ, অন্য ইভেন পদক প্ৰাপ্ত পুৰ্ণীমা দাস , সেবিকা দাস , মনেশ্বৰ মহেলা ,কৌস্তভ মনি শইকীয়া , সুমিত্ৰী সেনাপতি, নমিতা ৰংপিপি , সূৰ্য প্ৰকাশ গুপ্তা , জয় প্ৰকাশ গুপ্তা , ৰমেশ চাহু , আৰুজ আলি, ৰুহিত ঠাকুৰ আৰু মিতিলি চৰনাক সম্বৰ্ধনা জনোৱা হয়। উল্লেখ্য যে ‘চক দে’ প্ৰতিষ্ঠানে ক্ৰীড়াৰ উন্নয়নৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰি আহিছে। ইতিমধ্যে তপন দাসৰ নেতৃত্বত ৰহা সমষ্টিত মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য যোজনাৰ অধিনত দুখন ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হৈছে।
Breaking
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গক সাৱটি ধৰি নিলম্বিত হ’ল চাবুৱা থানাৰ মহিলা গৃহৰক্ষী জোৱান
- এতিয়া ফুল ফুলাৰ বতৰ…
- কৃতী ছাত্ৰ পিনাক পৰাণ কাশ্যপক নাগশংকৰ আলোকৰ শুভাশীষ প্ৰদান…
- ৰংগালয়ৰ নাট্য নিবেদন : অথেল’ এ পলিটিকেল ট্রেপ…
- এটুকুৰা কাঠত প্ৰতিভা আৰু সাধনাৰে চিৰযুগমীয়া ঢৌ তুলিছে জীৱন সংগ্ৰামী ভাস্কৰ্যশিল্পী পদ্ম ফুকনে…
- মঙলদৈত জাক জাক বান্দৰৰ সন্ত্ৰাস ! প্ৰাতঃভ্ৰমণকাৰীক আক্ৰমণ…
- আনুছা হাজৰিকা সোঁৱৰণী দৰং জিলা ভিত্তিক দবা প্ৰতিযোগিতাৰ সামৰণি…
- নাজিৰাত ৰাজ যোগ প্ৰেক্ষাগৃহ মুকলি…
- পদুমণিত ত্ৰয়োবিংশতিতম ৰঙালী বিহুসমাৰোহৰ সফল সামৰণি…
- পথালিপাহাৰস্থিত শংকৰদেৱ মহাবিদ্যালয়ত ‘নতুন শিক্ষানীতি ২০২০”ত বিশেষ আলোচনা চক্ৰ…