মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰী ইলিয়ানা ডি’ক্ৰুজ! অনুৰাগীয়ে সুধিলে কেঁচুৱাৰ পিতৃ কোন… ?মঙলবাৰে বলীউডৰ অভিনেত্ৰী ইলিয়ানা ডি’ক্ৰুজে ছ’চিয়েল মিডিয়াত এক মিঠা পোষ্টৰ জৰিয়তে গৰ্ভধাৰণৰ কথা ঘোষণা কৰে।
ইলিয়ানাই পোষ্টটোৰ কেপচনত লিখিছে, “Coming soon. Can’t wait to meet you my little darling.” অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰথম সন্তানক লৈ বহুতেই আশাবাদী। অৱশ্যে ইলিয়ানাই নিজৰ কেঁচুৱাৰ পিতৃৰ পৰিচয় প্ৰকাশ কৰা নাই। সেইবাবে ইলিয়ানা অনুগাৰী কেঁচুৱাৰ পিতৃক লৈ আগ্ৰহী হৈ পৰিছে।
এই খবৰ সামাজিক মাধ্যমত প্ৰকাশ পোৱাৰ লগতে সকলোৱে অভিনেত্ৰীগৰাকী আৰু তেওঁৰ সন্তানক শুভেচ্ছা জ্ঞাপন কৰিছে। কিন্তু ইলিয়ানাৰ লৈ বহু অনুৰাগীয়ে তেওঁৰ বৈবাহিক জীৱনৰ বিষয়ে আৰু শিশুটিৰ পিতৃক লৈ প্ৰশ্ন উত্থাপন কৰিছে।
ইলিয়ানাৰ সম্পৰ্ক আছিল অষ্ট্ৰেলিয়াৰ ফটোগ্ৰাফাৰ এণ্ড্ৰু নিব’নৰ সৈতে। ইফালে ইলিয়ানাই কেটৰিনা কাইফৰ ভাতৃ চেবাষ্টিয়ান লৰেণ্ট মিচেলৰ সৈতে ডেটিং কৰা বুলি খবৰ ওলাইছে। কফি উইথ কৰণৰ ছিজন ৭ৰ এটা খণ্ডত কৰণ জোহৰে যেন তেওঁলোকৰ সম্পৰ্ক নিশ্চিত কৰিছিল। কিন্তু অভিনেত্ৰীগৰাকীয়ে সন্তানৰ পিতৃৰ বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই।

