এপ্ৰিলত গুৱাহাটী ন-মাইলৰ খানাপাৰাৰ সমীপত অৱস্থিত ইউনিভাৰ্ছিটি অফ চাইন্স এন্ড টেকনলজী (USTM) অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কবিতা মহোৎসৱত সাংবাদিক ডেভিদ বৰুৱাক উষ্ণ আদৰণি জনোৱা হয়।
’নদী আৰু নাৰী’ শীৰ্ষক জনপ্ৰিয় কাব্যিক আৰু বৌদ্ধিক অনুষ্ঠানত অসমৰ আগশাৰীৰ বাতৰি কাকত “দৈনন্দিন বাৰ্তা”ৰ বিশিষ্ট সাংবাদিক ডেভিদ বৰুৱাক যুৱ সাংবাদিক বঁটা প্ৰদান কৰে।

নদী আৰু নাৰী অনুষ্ঠানৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী ৰোনাল্ড টাইডে জনোৱা মতে বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ হাতেৰে মান পত্ৰ,জাপি, গামোচা, ট্ৰফি আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে।
ডেভিদ বৰুৱাক সন্মান প্ৰদান কৰা বাবে বকোৰ মিডিয়া সমাজ কৰ্মী সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰে।

