২ মে’ৰ সন্ধিয়া ৬ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান, য’ত গুৱাহাটীৰ সন্মিলিত সত্ৰীয়া শিল্পীয়ে একত্ৰিত হৈ সংগীত নাটক অকাদেমিৰ সচিব পদত নিযুক্তি লাভ কৰাৰ বাবে শ্ৰী ৰাজু দাসক সম্বৰ্ধনা জনায়।
সন্ধিয়াৰ আৰম্ভণিতে অৰুণাভ জ্যোতি মালাকাৰ, বিশ্বজিৎ বৰদলৈ, কংকন জ্যোতি শইকীয়াৰ খোল বাদন আৰু সংগ দিয়ে নিবিৰ শৰ্মা আৰু জুৰি দাসে।
ইয়াৰ পিছতে সচিব ৰাজু দাসৰ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়াৰ অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী যতীন গোস্বামী, ঘন কান্ত বৰা বৰবায়ন, ড০ প্ৰদীপ জ্যোতি মহন্ত, শ্ৰী স্বপ্ননীল বৰুৱা, শ্ৰী দুলাল ৰায়, শ্ৰী বিপিন কুমাৰ সিং আৰু শ্ৰী গোবিন্দ শইকীয়া।

ৰঞ্জুমণি শইকীয়াই আদৰণি ভাষণেৰে অনুষ্ঠানটো অনুষ্ঠিত কৰে। ইয়াৰ পিছতে অনুষ্ঠানত সচিব ৰাজু দাস ডাঙৰীয়াক গণ্যমান্য ব্যক্তিসকলে অংগ বস্ত্ৰ, পিতলৰ জাপি, কৃষ্ণ মুখা , প্ৰশস্তি পত্ৰ, ফুলৰ থোপা আৰু গামোচাৰে সম্বৰ্ধনা জনায়।

উক্ত অনুষ্ঠানত ৰাজু দাসে নিজৰ চিন্তা ব্যক্ত কৰি নিজৰ নামৰ এনে সন্মান দেখি এক নষ্টালজিক আৰু আৱেগিক অৱস্থাত পৰিল। তেওঁ অকাদেমি ৰ পৰা আগন্তুক প্ৰচেষ্টাক লৈ ৰাইজক বিশ্বাস কৰাইছিল আৰু সত্ৰীয়া সংস্কৃতিক লৈ চিন্তা-চৰ্চা কৰিছিল।
ইয়াৰ পিছতে গৌতম বায়ন, শশংকা কলিতা, প্ৰাংগোপাল দাস আৰু প্ৰসন্ত ৰাজখোৱাই বৰগীত পৰিৱেশন কৰে।
বৰগীতৰ পাছত গুৱাহাটীৰ কেইজনমান নৃত্যশিল্পীয়ে গ্ৰুপ সত্ৰীয়া পৰিৱেশন কৰে যাৰ পিছত জলীমনি শইকীয়া আৰু সেউজপ্ৰিয়া বৰঠাকুৰে সমসাময়িক নৃত্য পৰিবেশন কৰে।
অনুষ্ঠানৰ অন্ত পৰে অনিতা শৰ্মাৰ ধন্যবাদ জ্ঞাপনৰ টোকাত। পিছত সমাৱেশৰ লগতে গণ্যমান্য ব্যক্তি আৰু অতিথিসকলে ৰাতিৰ আহাৰ গ্ৰহণৰ বাবে সমবেত হয়।

