গোগামুখত ভাৰতীয় কৃষি অনুসন্ধান প্ৰতিষ্ঠানৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন…

এছিয়া মহাদেশৰ অন্যতম বৃহৎ আৰু অত্যাধুনিক কৃষি অনুসন্ধান বা গৱেষণা প্ৰতিষ্ঠান হিচাপে বিবেচিত  ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চমুকৈ আইকাৰৰ সপ্তম সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদ্‌যাপন কৰা হয় ৷ ধেমাজি জিলাৰ গোগামুখৰ দিৰপাইস্থিত কৃষি গৱেষণা প্ৰতিষ্ঠানৰ প্ৰশাসনিক ভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত উদ্‌যাপন কৰা উক্ত অনুষ্ঠানৰ পুৱা ১০-৩০ বজাত আইকাৰৰ শিৰোনাম গীত পৰিৱেশন কৰা হয় ৷

১০-৩৫ বজাত সৰস্বতী বন্দনা আৰু সমবেত সংগীত পৰিৱেশন কৰা হয় ৷ ১০-৩৫ বজাত আদৰণি ভাষণ দিয়ে জেষ্ঠ বিজ্ঞানী তথা আইকাৰ গোগামুখৰ তত্বাবধায়ক ড° দীপজ্যোতি বৰুৱাই ৷ আদৰণি ভাষণত তেওঁ কয়- ২০১৭ চনত গোগামুখস্থিত আইকাৰ প্ৰতিষ্ঠা হৈছিল ৷ প্ৰতিষ্ঠা লগ্নৰ পৰা আইকাৰৰ নিৰ্মাণ কাৰ্য যিমান দূৰ ইমান দ্ৰুত কৰি তোলা হৈছে ৷ প্ৰশাসনিক ভৱন, অতিথিশালাৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ কৰা হৈছে ৷ গৱেষণাৰ বিভাগীয়  গৃহ সমূহ নিৰ্মাণ চলি আছে ৷ গৱেষক ছাত্ৰ-ছাত্ৰীৰ আৱাস সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পথত আগবাঢ়িছে ৷ গৱেষক ছাত্ৰ-ছাত্ৰীৰ আৱাস সমূহৰ নিৰ্মাণ সম্পূৰ্ণ হ’লেই তেওঁলোকৰ পাঠদান কাৰ্যসূচীও আৰম্ভ হ’ব ৷ তেওঁ কয়- বৰ্তমান আইকাৰত ২৮ গৰাকী বিজ্ঞানীয়ে নিজৰ নিজৰ বিভাগত আগতীয়াাকৈ কাম কৰি আছে ৷ আগন্তুক ২০২৪ চনৰ পৰা আইকাৰত পাঠদান কাৰ্যসূচী  আৰম্ভ হ’ব আৰু তেতিয়ালৈকে আইকাৰৰ সকলোবোৰ আন্তগাঁথনি সম্পূৰ্ণ হ’ব বুলিও তেওঁ দোহাৰে ৷  আইকাৰৰ সকলো ধৰণৰ  নিৰ্মাণ কাৰ্য সুন্দৰভাৱে পৰিচালনা কৰাত গোগামুখবাসী ৰাইজৰ সহযোগীতাক তেওঁ শলাগ লয় ৷ ১০-৫৫ বজাত আইকাৰ সন্দৰ্ভত চমু বক্তব্য আগবঢ়াই আইকাৰ গোগামুখৰ প্ৰধান বিজ্ঞানী ড° এ কে শ্ৰীবাস্তৱে ৷  ১১-১০ বজাত আইকাৰ গোগামুখৰ ন’ডেল বিষয়া ড° ৰবীন গগৈয়ে আইকাৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে সকলোলৈকে শুভবাৰ্তা প্ৰেৰণ কৰে ৷ ১১-১৫ বজাত ‘ভাৰতীয় কৃষিত উদ্ভিদৰ জৈৱ বৈচিত্ৰ্য আৰু জাতৰ বিকাশৰ ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ ১১-৩০ বজাত ৫ গৰাকী সফল কৃষকক সম্বৰ্ধনা জনোৱা হয় । কৃষক সকল হৈছে জয় পেগু, অনুজ দলে, বনশ্ৰী হাজৰিকা, গিৰিজাপ্ৰসাদ দলে  আৰু ৰজত পাৱে ৷

দুপৰীয়া ১২  বজাত সন্মানীয় অতিথি হিচাপে উদ্যান শস্য আৰু বনাঞ্চলৰ ওপৰত ভাষণ দিয়ে অৰুণাচল প্ৰদেশৰ পাচিঘাট কৃষি মহাবিদ্যালয়ৰ বিজ্ঞানী ড° বি এন হাজৰিকাই ৷ ১২-১৫ বজাত  আমন্ত্ৰিত  অতিথিৰ ভাষণ দিয়ে ধেমাজি জিলাৰ উপায়ুক্ত অংকুৰ ভৰালীয়ে ৷ ১২-২৫ বজাত কৃষিত চৰাইৰ পৰিৱেশত পৰিৱেশ তন্ত্ৰ সেৱা শীৰ্ষক বিষয়ৰ ওপৰত ভাষণ দিয়ে অসম কৃষি বিজ্ঞান বিশ্ব বিদ্যালয়ৰ লখিমপুৰ চৌহদৰ মুখ্য  বিজ্ঞানী ড° প্ৰবাল শইকীয়াই ৷ বিয়লি ১ বজাত উপস্থিত ৰাইজক উদ্দেশ্যি ভাষণ দিয়ে মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙ্গীয়াই ৷ ১-২০ বজাত শলাগৰ শৰাই আগবঢ়াই প্ৰধান বিজ্ঞানী ড° এছ মনিবন্ননে ৷ উল্লেখনীয় যে ২০১৭ চনৰ আজিৰ দিনটোতে গোগামখ দিৰপাইস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানখন স্থাপন কৰা হৈছিল ৷ অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, আইকাৰৰ প্ৰাক্তন ন’ডেল বিষয়া ড° কে বি পন আদিয়ে ৷

Related Articles