Breaking

‘ভগৱানকো বুজাব প্ৰধানমন্ত্ৰী মোদীয়, বিশ্বব্ৰহ্মাণ্ড কেনেকৈ চলাব লাগে’ – ৰাহুল গান্ধী…

0 60

আমেৰিকাত উপস্থিত হোৱা ৰাহুল গান্ধীয়ে ভাৰতীয় মূলৰ লোকসকলক সম্বোধন কৰি দেশৰ ৰাজনীতিৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰে। ভাষণ প্ৰসংগত ৰাহুল গান্ধীয়ে কয় যে দেশত এনে কিছুমান মানুহ আছে যিয়ে নিজকে সকলো জানে বুলি ভাবে। আনকি তেওঁলোকে ঈশ্বৰতকৈও বেছি জানে। এইসকল লোকে ঈশ্বৰকো জ্ঞান দিব পাৰিব। ইয়াৰ ভিতৰত দেশৰ প্ৰধানমন্ত্ৰীও। যদি মোডীক ভগৱানৰ লগত লগলগাই দিয়া হয়, তেন্তে তেওঁ ভগৱানক বুজাবলৈ আৰম্ভ কৰিব যে বিশ্বব্ৰহ্মাণ্ডখন কেনেকৈ চলে। এইদৰে মন্তব্য কৰে ৰাহুল গান্ধীয়ে।
ভাৰত জোডো যাত্ৰাৰ সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয় যে এই যাত্ৰা আৰম্ভ হোৱা ৫-৬ দিনৰ পিছত মই উপলব্ধি কৰিছিলো যে এই যাত্ৰা সহজ নহ’ব।

খোজকাঢ়ি হাজাৰ কিলোমিটাৰ যাত্ৰা অতি কঠিন যেন লাগিছিল যদিও মোৰ হাতত কোনো বিকল্প নাছিল। মই কংগ্ৰেছ কৰ্মী আৰু সমৰ্থকসকলে দৈনিক ২৫ কিলোমিটাৰ যাত্ৰা কৰিছিলো। তিনি সপ্তাহৰ পাছত মই অনুভৱ কৰিলোঁ যে মই ভাগৰা নাই আৰু ভাগৰিব নোৱাৰোঁ। অৱশেষত মই সফল হ’লোঁ।

Leave A Reply