Breaking

বিবাহৰ পূৰ্বে ভাল খবৰ ! পিতৃ-মাতৃ হোৱাৰ দিশে অৰ্জুন-মালাইকা! মুখ খুলিলে অভিনেতা অৰ্জুন কাপুৰে…

0 121

বলিউদৰ চৰ্চিত যুটি অৰ্জুন-মালাইকা। প্ৰায়ে দুয়ো সংবাদমাধ্যৰ শিৰোনামাত থাকে। কিছুদিন পূৰ্বে অৰ্জুন কাপুৰ আৰু মালাইকা অৰোৰাৰ সন্তানৰ উৰাবাতৰি খবৰ প্ৰায়ে চৰ্চাত আছিল। যোৱা বছৰৰ নৱেম্বৰ মাহত অভিনেতা অৰ্জুন কাপুৰ মালাইকা অৰোৰা পিতৃ-মাতৃ হ’বলৈ ওলাইছে বুলি এক ভুৱা বাতৰি ওলাইছিল। অভিনেতাগৰাকীয়ে ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ‘ভুৱা’ বাতৰিক গৰিহণা দিছিল। শেহতীয়াকৈ এক সাক্ষাৎকাৰৰ সময়ত অৰ্জুনক এই বিষয়ে সোধা হৈছিল। তেতিয়া অভিনেতাজনে ক’লে ইয়াৰ বাবে দুখী সংবাদ মাধ্যম, ভুৱা প্ৰচাৰ। লগতে অৰ্জুন কাপুৰে মন্তব্য কৰে যে ‘মানুহে পাহৰি যায় যে চেলিব্ৰিটিও মানুহ’।


সামাজিক মাধ্যমত মানুহে ভাল কথা লিখিব লাগে যাতে কিবা শিকিব পাৰি। এইদৰে মন্তব্য কৰে অভিনেতা অৰ্জুন কাপুৰে।

Leave A Reply