ডিব্ৰুগড়ত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ চুঙি জানত পৰে তীব্ৰ বেগী ট্ৰেভেলাৰ…

আজি দুপৰীয়া প্ৰায় ১ মান বজাত ডিব্ৰুগড় দিশৰ পৰা দুলিয়াজান অভিমুখে তীব্ৰ বেগত আহি থকা AS06 AC-8353 নম্বৰৰ মা আৰতী নামৰ ট্ৰেভেলাৰ খনে টেঙাখাত বৰপুল তাই সাংস্কৃতিক কেন্দ্ৰৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা চুঙি জানত সোমাই পৰে ৷ পাৰম্ভিক তথ্য অনুসৰি উক্ত বাহন খনত প্ৰায় ৪০ জনৰ ওপৰত যাত্ৰী আছিল আৰু ইয়াৰে বহু সংখ্যক যাত্ৰী কম বেছি পৰিমানে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে বাহন খনৰো কিছু পৰিমানে ক্ষতি হয়।

ইয়াৰ ভিতৰত ১০ জন যাত্ৰীয়ে টেঙাখাত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা গ্ৰহন কৰে। উল্লেখযোগ্য যে টেঙাখাত বজাৰ মাজেদি দৈনিক শ শ যাত্ৰী কঢ়িয়াই নিয়া তীব্ৰ বেগী ট্ৰেভেলাৰ আৰু উইংগাৰ চালক আৰু কণ্ডাক্টৰ সকলৰ অতপালিৰ বিৰুদ্ধে বিভিন্ন সময়ত যাত্ৰী সকলে প্ৰতিবাদ কৰি আহিছে যদিও সেইসকল যাত্ৰীৰ কথা চিন্তা নকৰি কেৱল টকাৰ স্বাৰ্থ, মোবাইল ফোন ব্যৱহাৰ আৰু চালকৰ অমনোযোগিতাৰ বাবে এনে ধৰণৰ দূৰ্ঘটনা সংঘটিত হয় বুলি দূৰ্ঘটনাত আঘাতপ্ৰাপ্ত এগৰাকী যাত্ৰীয়ে এইদৰে অভিযোগ কৰে।সৌভাগ্যক্ৰমে আজি এই দূৰ্ঘটনাত কোনো লোকৰ জীৱন হানি নহ’ল যদিও ভৱিষ্যতে যাতে এনে ধৰণৰ দূৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে তীব্ৰবেগী চালক সকলক নিয়ন্ত্ৰণ কৰিবৰ বাবে সচেতন ৰাইজে প্ৰশাসনক আহ্বান জনাইছে৷

টেঙাখাতৰ পৰা ব্ৰজেন গগৈ প্ৰতিবেদন

Related Articles